MENU

মাঘ বিহুত দৈ-চিৰা-গুড় খোৱাৰ উপকাৰিতা জানো আহক

Kakali Deka January 11, 2025

মাঘ বিহুত দৈ-চিৰা-গুড় খোৱাৰ উপকাৰিতা জানো আহক

হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ দুটা দিন । ভোগালী বিহু বুলি ক’লেই আমাৰ মনলৈ আহে  অসমীয়াৰ ভিন্ন খাদ্য সম্ভাৰ আৰু ভিন ভিন জুতিৰ কথা ৷ বিহু বুলি ক’লে চিৰা- দৈ-গুড়ৰ কথা নক'লে এই লেখাই আধৰুৱা হৈ ৰ’ব৷

দৈ-চিৰা-গুড় আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপুনি জানেনে ৷ যদি নাজানে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক । শীতকালত দৈ, চিৰা আৰু গুড় আমাৰ স্বাস্থ্যৰ বাবে বহুত উপকাৰী ৷ কেলচিয়াম , প্ৰ’টিন আৰু অন্যান্য পুষ্টিকৰ উপাদান দৈ আৰু চিৰাত প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ দৈ চিৰাই  বহু সময়লৈকে পেট পূৰ কৰি ৰাখে ৷  ইয়াৰ ফলত আমি অতিৰিক্ত কেলৰি গ্ৰহণ কৰাৰ পৰা বিৰত থাকোঁ আৰু আমাৰ ওজন নিয়ন্ত্ৰণ হৈ থাকে ৷ দৈত প্ৰ’বায়’টিক অৰ্থাৎ ভাল বেক্টেৰিয়া পোৱা যায় ৷ ই আমাৰ অন্ত্ৰত গৈ পাচন প্ৰক্ৰিয়া সঠিক কৰি ৰাখে ৷

এই বেক্টেৰিয়াৰ বাবে দৈয়ে পেটৰ আন আন সমস্যাৰ পৰা  আমাক সকাহ দিয়ে ৷ লগতে প্ৰ’টিন, কেলচিয়াম আদি ভিটামিন দৈ গাখীৰত পোৱা যায় ৷ চিৰা-দৈৰ জলপানৰ এই সকলোবোৰ উপাদানে আমাক শক্তি প্ৰদান কৰাৰ লগতে ইয়াৰ সোৱাদো অনৱদ্য৷

Share This