ডিজিটেল ডেস্কঃ জম্মু আৰু কাশ্মীৰৰ পহলগামত মঙলবাৰে সন্ত্রাসবাদীয়ে ২৬জন পর্যটকক হত্যা কৰাৰ ঘটনাৰ পাছত সমগ্ৰ বিশ্বই সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ প্ৰতি পূৰ্ণ সমর্থন প্রকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনকে ধৰি বিশ্বৰ বিভিন্ন নেতাই সন্ত্রাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণত ভাৰতক সমর্থন জনাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে এই ঘটনাৰ পাছত কালি মাজ নিশা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ ফ'ন কৰে।
এই বিষয়ে জনাই বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয়, 'ৰাষ্ট্ৰপতি ট্রাম্পে প্রধানমন্ত্রীলৈ ফ'ন কৰে আৰু জম্মু আৰু কাশ্মীৰত সন্ত্রাসবাদীৰ আক্ৰমণত নিৰীহ লোকে প্রাণ হেৰুওৱাত গভীৰ শোক প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে সন্ত্রাসবাদীৰ আক্ৰমণটোক কঠোৰ ভাষাৰে গৰিহণা দিয়ে আৰু এই ঘৃণনীয় আক্রমণত জড়িত অপৰাধীক ন্যায়ৰ কাঠগৰালৈ অনাত ভাৰতৰ প্ৰতি পূর্ণ সমর্থন ব্যক্ত কৰিছে। ভাৰত আৰু আমেৰিকা 'সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত ঐক্যবদ্ধ হৈ আছে।' সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত ট্রাম্পে ভাৰতক সকলো ধৰণৰ সহায় কৰিব বুলিও কয়। ইফালে হোৱাইট হাউছৰ এজন মুখপাত্রই কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজে কালি পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণটোৰ বিষয়ে ৰাষ্ট্ৰপতি ট্রাম্পক অৱগত কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আৰু প্রধানমন্ত্রী মোদীলৈ লিখা পত্রত সন্ত্রাসবাদীৰ আক্ৰমণটোক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ লগত থকা বুলি প্রকাশ কৰে।
নেপালৰ প্ৰধানমন্ত্ৰী কে পি শর্মা অলিয়ে প্রধানমন্ত্রী মোদীৰ সৈতে টেলিফ'নত কথা পাতে। তেওঁ সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ প্ৰতি একতা প্রকাশ কৰে। নেপালৰ প্ৰধানমন্ত্ৰীজনে সন্ত্রাসবাদীৰ আক্রমণটোত ২৬জন লোকক হত্যা কৰাৰ ঘটনাত ক্ষোভ প্রকাশ কৰে। তেওঁ নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। ইফালে বাংলাদেশৰ বিদেশ মন্ত্ৰ্যালয়ে এটা বার্তাত সন্ত্রাসবাদীৰ আক্ৰমণটোক কঠোৰ ভাষাৰে গৰিহণা দিয়ে আৰু নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। ইটালিৰ প্ৰধানমন্ত্ৰী জিয়জিয়া মেলনীয়ে সন্ত্রাসবাদীৰ আক্ৰমণটোক গৰিহণা দিয়ে আৰু ভাৰতৰ সৈতে একতা প্রকাশ কৰে।
ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এন্টনিঅ' গুটাৰেছে এই আক্রমণটোক গৰিহণা দি কয়, 'সাধাৰণ নাগৰিকক কৰা আক্ৰমণ কোনোপধ্যেই গ্রহণযোগ্য নহয়।' ইয়াৰ লগতে সংযুক্ত আৰব আমিৰাট, জাপান, ইউক্রেইন আৰু ইৰানৰ দৰে দেশেও সন্ত্রাসবাদীৰ আক্ৰমণটোক গৰিহণা দিয়ে আৰু সন্ত্রাসবাদীৰ বিৰুদ্ধে যুঁজত ভাৰতৰ প্ৰতি একতা প্রকাশ কৰে।