অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি

dainik janambhumi November 08, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী এজন 'মহান লোক' আৰু তেওঁক লগ কৰিবলৈ বিচাৰে বুলি কৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কয় যে অহা বছৰ তেওঁ ভাৰত ভ্ৰমণ কৰিব পাৰে। এটা প্ৰশ্নৰ উত্তৰত বৃহস্পতিবাৰে ট্রাম্পে অভেল হাউছত কয়-'তেওঁ (প্রধানমন্ত্রী মোদী) মোৰ বন্ধু, আৰু আমি কথা পাতোঁ... তেওঁ মই তালৈ যোৱাটো বিচাৰে। আমি সেইটো ঠিক কৰিম। মই যাম। প্রধানমন্ত্রী মোদীক সাক্ষাতৰ সেইটো মোৰ এটা উল্লেখনীয় ভ্রমণ হ'ব। তেওঁ এজন মহান লোক আৰু মই তালৈ যাম।' 

যেতিয়া তেওঁক সোধা হয় তেওঁ অহা বছৰ ভাৰতলৈ যাব নেকি? তেতিয়া ট্রাম্পে উত্তৰ দিয়ে, 'হয়, যাব পাৰোঁ।' উল্লেখযোগ্য যে আমেৰিকাৰ উইলমিংটনৰ ডেলৱেৰত ২০২৪ চনত কোৱাডৰ শীৰ্ষ সম্মিলন অনুষ্ঠিত হোৱাৰ পাছত পৰৱৰ্তী শীর্ষ সন্মিলন ভাৰতত অনুষ্ঠিত হ'ব আৰু ইয়াতে অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ শীৰ্ষ নেতাসকল উপস্থিত থাকিব। অৱশ্যে উক্ত শীর্ষ সন্মিলনৰ তাৰিখ ভাৰতে এতিয়াও ঘোষণা কৰা নাই। আনহাতে, ৰাষ্ট্ৰপতি ট্রাম্পে পুনৰ দাবী কৰে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিছে। তদুপৰি যোৱা ৭ মে'ত ভাৰতে আৰম্ভকৰা অপাৰেশ্যন সেন্দুৰ সন্দৰ্ভত ট্রাম্পে পুনৰ দাবী কৰে যে তেওঁৰ মধ্যস্থতাতহে ভাৰত-পাকিস্তানৰ শেহতীয়া যুদ্ধ বন্ধ হৈছিল।

Share This