ডিজিটেল ডেস্ক : পৱিত্ৰ নীলাচল পাহাৰত কালিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী মহাযোগ। নিশা ৯-০৮ বজাত প্রবৃত্তিৰ লগে লগে মা কামাখ্যা দেৱালয়ৰ দুৱাৰ বন্ধ হৈ পৰে। পৰম্পৰা অনুসৰি আগন্তুক তিনি দিন ধৰি মন্দিৰৰ দুৱাৰ বন্ধ থাকিব।
অহা ২৬ জুনৰ পুৱা নিবৃত্তিৰ পাছতে নিত্য পূজা-পাঠ সম্পূৰ্ণ হোৱাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰি দিয়া হ'ব। আনহাতে, এই আধ্যাত্মিক মহোৎসৱ উপলক্ষে ইতিমধ্যে নীলাচল পাহাৰত দেশ-বিদেশৰ ভক্ত, সাধু-সন্ত আৰু তান্ত্রিক-সাধকৰ ব্যাপক সমাগম ঘটিছে। এইবাৰ মহাযোগৰ সময়ত আঠ লক্ষাধিক ভক্তৰ আগমনৰ আশা কৰা হৈছে। সেই অনুসৰি অসম চৰকাৰে অতিৰিক্ত আৰক্ষী, স্বাস্থ্যকর্মী, চাফাই কর্মী, স্বেচ্ছাসেৱক আৰু জৰুৰীকালীন সেৱা দল মোতায়েন কৰিছে। যান-বাহন নিয়ন্ত্রণ, খোৱাপানী, চিকিৎসা সেৱা, অস্থায়ী শিবিৰ আৰু জনসমাগম ব্যৱস্থাপনাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে।
কালিৰে পৰা নীলাচল পাহাৰলৈ প্ৰশাসনৰ অনুমতি নথকা কোনোধৰণৰ যান-বাহন নিব নোৱাৰিব। প্রশাসনে যান-বাহন চলাচল কৰাৰ ক্ষেত্রত বিশেষ নিষেধাজ্ঞাৰ লগতে নতুন পথ-নিৰ্দেশনাও জাৰি কৰিছে। ভক্তসকলক কামাখ্যা গে'ট এলেকাতে জোতা-ছেণ্ডেল থৈ খালী ভৰিৰে খোজকাঢ়ি মন্দিৰলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছে।