দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই 

Nikimoni Kachari May 12, 2026

ডিজিটেল ডেস্ক : অসমৰ ৰাজনৈতিক ইতিহাসত এক সোণালী অধ্যায়ৰ সূচনা কৰি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে দেশৰ ভিতৰতে জনপ্ৰিয় তথা বলিষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই। 

অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ শাসনভাৰৰ দায়িত্ব গ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগে লগে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ আনুষ্ঠানিক যাত্ৰা আৰম্ভ হয়।

এক গাম্ভীৰ্যপূৰ্ণ তথা সুদৃশ্য মঞ্চত অনুষ্ঠিত হোৱা এই শপতগ্ৰহণ অনুষ্ঠানত দেশৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে।

মুখ্যমন্ত্ৰী ড° শৰ্মাৰ লগতে আজি নতুন চৰকাৰখনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিধায়কে মন্ত্ৰিত্বৰ শপতগ্ৰহণ কৰে। শপত লোৱা মন্ত্ৰীসকল হ’ল :
১/ অজন্তা নেওগ (গোলাঘাট সমষ্টিৰ বিধায়িকা)
২/ অতুল বৰা (বোকাখাত সমষ্টিৰ বিধায়ক)
৩/ চৰণ বড়ো (মাজবাট সমষ্টিৰ বিধায়ক)
৪/ ৰামেশ্বৰ তেলী (দুলীয়াজান সমষ্টিৰ বিধায়ক)

ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন আৰু জনসাধাৰণৰ স্বাৰ্থত কাম কৰাৰ সংকল্পৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই নতুন চৰকাৰখনে আজিৰ পৰা নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This