ডিজিটেল ডেস্ক : নলবাৰী চহৰৰ জাপাৰকুছিৰ বাসিন্দা, বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰীৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° মুকুল কুমাৰ শৰ্মাৰ দ্বাৰা পৰিচালিত পূর্ণদৈৰ্ঘ্যৰ বোলছবি 'হৃদয় ভূচিত্র-এ মেপ অব্ হার্ট'-এ আমেৰিকাৰ নিউয়ৰ্কৰ ত্ৰিছ বছৰীয়া পূৰণি সন্মানীয় আন্তর্জাতিক বোলছবি মহোৎসৱ নিউ ফিল্ম মেকাৰ্ছ নিউয়ক-২০২৬ৰ বাবে নিৰ্বাচিত হৈছে।
পীতাম্বৰ প্রডাক্টশ্যনৰ বেনাৰত নিৰ্মিত বোলছবিখনৰ চিত্ৰনাট্যকাৰ যুতীয়াভাৱে ভাস্কৰজ্যোতি দাস আৰু ড° শৰ্মা। পূর্বায়ন প্রকাশন, গুৱাহাটীয়ে প্রকাশ কৰা জনপ্রিয় উপন্যাসোপম আত্মজীৱনী গ্রন্থ 'হৃদয় ভূচিত্ৰ'ৰ মূল প্ৰেমৰ কাহিনীৰ ওপৰত বোলছবিখন আধাৰিত, যিখনৰ পাণ্ডুলিপি ২০২৩ চনৰ বছৰটোক অসমৰ ইউ জি চি কেয়াৰ লিষ্টেড আলোচনী সাতসৰীয়ে ধাৰাবাহিকভাৱে প্রকাশ কৰিছিল। কিতাপখন বর্তমান শিৱসাগৰ বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ লিংগ আৰু যৌনতা অধ্যয়ন কাকতৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত।
সামাজিক লিংগ শিক্ষাৰ সজাগতাৰ এজন অগ্রণী লেখক, সমল ব্যক্তি আৰু লৈংগিক সংখ্যলঘুসকলৰ অধিকাৰৰ এজন সক্রীয় কর্মী ড° শর্মাই বিশেষকৈ সামাজিক ঘৃণাৰে পৰিব্যাপ্ত লৈংগিক পৰিচয়গত সমস্যাত ভোগা যুৱক-যুৱতীয়ে গোপনে ৰখা প্ৰেমৰ সম্পৰ্কৰ ভিন্ন দিশ মনোগ্ৰাহী কাহিনী এটাত গান, নাচ আদিৰ ব্যৱহাৰৰ মাজেৰে বোলছবিখনত যুৱশ্ৰেণীৰ মনোগ্ৰাহী হোৱাকৈ উপস্থাপন কৰাৰ চেষ্টা কৰিছে। বোলছবিখনত ভাস্কৰ বৰুৱা, স্বাগত ভৰালী, মুকুল, অংকিতা বৰুৱা, প্রতিভা চৌধুৰী, অক্ষয় কৌশিক বৰুৱা, অপর্ণা দত্ত চৌধুৰী, প্রশান্ত দাস, নিশিৰঞ্জন মল্লিকা, হিমাংসু ভাৰতী, ৰিতুৰাজ গগৈ, দীপ কাকতি, আন্দ্ৰে হাতীবৰুৱা, মাণিক ৰয় আদিয়ে আভিনয় কৰিছে। নলবাৰীৰ বাসিন্দা গকুল মহন্ত, গীতাঞ্জলি ভূঞা, ভাস্বতী বর্মন আদিয়েও বোলছবিখনত সু অভিনয় কৰাৰ লগতে এই চহৰৰ বিৰাজ বৰ্মনে ইয়াৰ সংগীত পৰিচালনা, নন্দনে চিত্রগ্রহণ আৰু গুঞ্জন শর্মাই সহঃ পৰিচালনাৰ কাম কৰিছে।
বোলছবিৰ শব্দ গ্রহণ ৰুক্মজিত বৰুৱা, জৌতিৰ্ময় দাসৰ আৰু শব্দ ডিজাইন আৰু সংমিশ্রণ দেৱজিৎ গায়নৰ, আৰু মৃন্ময় বৰাই সম্পাদনা কৰিছে। ধীৰাজ ৰাভা আৰু হিমাংশু শর্মাই কলা নির্দেশনা দিছে। সঞ্জীৱ গগৈয়ে মুখ্য পৰিচালনা আৰু ৰাতুল দুৱৰাই নৃত্য নিৰ্দেশনাৰ কাম কৰিছে। ঘনশ্যাম কলিতাই ৰং ৰূপাংকন কাম আৰু অপৰাজিত শ্ৰীচে আৱহ সংগীতৰ কাম কৰাৰ লগতে ভি এফ এক্সৰ কাম কৰে মীংগাঙ্ক পৰাসৰে আৰু প'ষ্টাৰ- ক্রেডিট ডিজাইনৰ কাম কৰিছে তন্ময় কাকতিয়ে। লগতে প'ষ্ট প্রডাকশ্যন মেনেজাৰ হিচাপে আছে মৃদুমলয় শর্মা। পোহৰৰ দায়িত্বত আছে ভূপেন শীলৈৰ দল। অহাবছৰ অসমত মুক্তি পাবলগীয়া বোলছবিখন দৰ্শকে আদৰি ল'ব বুলি বোলছবিখনৰ সৈতে জড়িত সকলোৱে আশাবাদী।