চৰম খাদ্য সংকটত চালক-সহঃচালক

dainik janambhumi June 22, 2025

ডিজিটেল ডেস্কঃ গেমন আৰু হাৰাং দুখন দলং ভাঙি যোৱাৰ ফলত দেশৰ অন্য অঞ্চলৰ সৈতে বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থা প্রায় বন্ধ হৈ পৰিছে। শিলচৰ-গুৱাহাটী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫ কিল 'মিটাৰজুৰি ট্ৰাকৰ দীঘলীয়া শাৰী সৃষ্টি হৈছে। অসম-মেঘালয় আন্তঃৰাজ্য সীমান্ত এলেকা মালিদহৰত এই ট্ৰাকৰ চালকসকল চৰম খাদ্য সংকটৰ সন্মুখীন হৈছে। ইয়াৰ পৰা সকাহ বিচাৰিছে চালক-সহঃ চালকে।

হঠাৎ হাৰাং দলং ভাঙি পৰাৰ বাবে অসম-মেঘালয় আন্তঃৰাজ্য সীমান্ত ডিগৰখাল টোলগে'টৰ পৰা উমকিয়াঙলৈ যোৱা ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫ কিল'মিটাৰ দৈৰ্ঘ্যৰ পথটোত সামগ্রী কঢ়িয়াই অনা প্রায় ৫ হাজাৰ ট্রাকৰ দীঘলীয়া লাইনে চালক আৰু সহঃ চালকৰ বাবে চৰম হতাশাৰ সৃষ্টি কৰিছে। শনিবাৰে সাংবাদিকৰ মুখামুখি হৈ চালকসকলে তেওঁলোকৰ অসুবিধা সন্দৰ্ভত কয়, হাৰাং নদীৰ দলংখন ভাঙি পৰাৰ দিনৰে পৰা একে ঠাইতে তেওঁলোকে গাড়ী ৰখাই অপেক্ষা কৰিছে। দিন বাগৰাৰ লগে লগে বাঢ়িছে যান-বাহনৰ সংখ্যা। ইফালে, তেওঁলোকৰ হাতত থকা টকাখিনি প্রায় শেষ হৈ গৈছে।

এতিয়া ভোকৰ বাবে আধা খাই ৰাতি কটাব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে। তেওঁলোকে কয়, এলেকাত গা ধোৱাৰ সুবিধা নাই, প্ৰস্ৰাৱগাৰ নাই। পৰিস্থিতি জটিল হৈ পৰিছে। ইফালে, বহু ট্ৰাকৰ কেঁচামাল (আলু, পিঁয়াজ) পচিবলৈ আৰম্ভ কৰিছে। তদুপৰি, চিমেণ্টৰ ট্ৰাক আবদ্ধ হোৱাত চিমেন্ট নষ্ট হ'ব বুলি জানিবলৈ দিয়ে তেওঁলোকে। কোটি কোটি টকাৰ সামগ্ৰী ধ্বংস হৈছে যদিও কোনেও খবৰ লোৱা নাই। ক'ত প্রশাসন আৰু ক'ত নেতা-মন্ত্রী? এয়া তেওঁলোকৰ প্ৰশ্ন। এক প্ৰকাৰৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁলোকে এনে পৰিস্থিতিত কাছাৰ জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছে।

Share This