ডিজিটেল ডেস্ক : পুৱা দৌৰাদৌৰিকৈ যে নিজৰ কণমানি শিশুটোক অভিভাৱকে স্কুলবাছখন বা স্কুলভানখনত মৰমেৰে উঠাই দিয়েগৈ কেতিয়াবা অভিভাৱকসকলে বাৰু চিন্তা কৰি চাইছেনে সেই বাছখন বা ভানখনত শিশুটো কিমান নিৰাপদ! এবোজা কিতাপৰে সৈতে মৰমেৰে স্কুলবাছখনত উঠাই দিয়াৰ পাছত নিশ্চিন্ত হৈ পৰা অভিভাৱকসকলে বাৰু কেতিয়াবা চিন্তা কৰি চাইছেনে যে তেওঁলোকৰ সন্তানক স্কুললৈ নিবলৈ অহা ভানখন বা বাছখনৰ চালকজন স্বীকৃতিপ্রাপ্ত চালক হয় নে নহয় বা শিশুৰে ভৰ্তি হৈ থকা বাছখন চলোৱাৰ দক্ষতা আৰু অৰ্হতা চালকজনৰ আছে নে নাই! নিজৰ শিশুটো এনেদৰে নিশ্চিন্ত মনে ভান বা বাছখনৰ চালকৰ হাতত স্কুললৈ পঠাই দিয়া অভিভাৱকসকলৰ বাবে আহিছে ভয়ংকৰ খবৰ। শুনি আপোনাৰ বুকু কঁপি যাব যে পুৱাই শিশুটো স্কুললৈ নিবলৈ অহা বহু স্কুলভান আৰু স্কুলবাছৰ চালকে সুৰাপান কৰি আহে, বহু চালকৰ নাই কোনো ড্রাইভিং লাইচেন্স, বহু স্কুলবাছ আৰু ভানৰ নাই কোনো ফিটনেছ চার্টিফিকেট, বাহনবোৰত নাই শিশুৰ বাবে ন্যূনতম সুৰক্ষাৰ ব্যৱস্থা।
শুনিলেই বুকু কঁপি যোৱা ৰাজ্যৰ একাংশ স্কুলবাছৰ এই ভয়ংকৰ আৰু বিস্ফোৰক সত্যৰ লগতে স্কুলৰ কণমানি শিশুসকলৰ নিৰাপত্তাহীনতাৰ এই চাঞ্চল্যকৰ ছবি পোহৰলৈ আহিছে যোৰহাটৰ জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াই চলোৱা এক বিশেষ অভিযানত। যোৰহাটৰ পৰিবহণ বিষয়াজনৰ নেতৃত্বত পৰিবহণ বিভাগৰ দলে জিলাখনৰ ৫০খনৰো অধিক স্কুলৰ স্কুলবাছ আৰু ভানসমূহত এক অতর্কিত অভিযান চলাইছিল। এই অভিযানতে পোহৰলৈ আহে যে স্কুলবাছ আৰু ভানসমূহে দীর্ঘদিনৰ পৰাই ৰাজ্যখনত কণ কণ শিশুৰ জীৱনক লৈ হেতালি খেলি আহিছে। জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াই জানিবলৈ দিয়া মতে, চালকৰ লাইচেন্স নথকা, ফিটনেছ-ইঞ্চৰেঞ্চ আদি নথকা আৰু শিশুৰ বাবে বিপজ্জনক ২৫খন স্কুলভান আৰু ২খন বাছ তেওঁলোকে ইতিমধ্যেই জব্দ কৰিছে আৰু এনে ভয়ংকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৰহাটৰ
পৰিবহণ বিভাগে এক এছ অ' পি জাৰি কৰিছে যে যোৰহাটৰ সকলো বিদ্যালয়ে স্কুলবাছ সেৱাৰ ক্ষেত্ৰত বাহনৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশনা মানি চলিব লাগিব। এই নির্দেশনা নমনা কোনো স্কুলৰ বাহন চলিবলৈ দিয়া নহ'ব বুলি পৰিবহণ বিষয়াজনে কয়। যিসময়ত সমগ্ৰ ৰাজ্যৰ বিদ্যালয়ৰ শিশুৰ ক্ষেত্ৰত ক্রমবর্ধমান দুর্ঘটনাই কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰ্যালয়কো উদ্বিগ্ন কৰি ৰাখিছে সেই সময়তে যোৰহাটত পৰিবহণ বিভাগে চলোৱা এই অভিযানত স্পষ্ট হৈ পৰিছে স্কুলবাছবোৰত আচলতে শিশুৰ জীৱনক লৈ কি ধৰণে হেতালি খেলি থকা হৈছে। এই প্রসংগতে উল্লেখযোগ্য যে ২০২৪ চনৰ ১৯ এপ্ৰিলত গুৱাহাটীত, ২০২৪ চনৰ ১৫ জুলাইত যোৰহাটত, ২০২৫ চনৰ ২ জানুৱাৰীত লখিমপুৰত আৰু ২০২৫ চনৰ ১৮ জানুৱাৰীত ডিমা হাছাওত স্কুলবাছৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এই দুর্ঘটনাকেইটাত বহুকেইজন চালকৰ উপৰি কেইবাটাও শিশু নিহত হৈছিল বিদ্যালয়লৈ গৈ থকা অৱস্থাত। এই ভয়ংকৰ দুৰ্ঘটনাসমূহৰ পাছতে বিগত বৰ্ষত গুৱাহাটীত ট্রেফিক আৰক্ষী, পৰিবহণ বিভাগ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত বিদ্যালয়ৰ শিশুসকলৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ বাবে স্কুলবাছসমূহক কেতবোৰ বিশেষ নির্দেশনা জাৰি কৰাৰ লগতে বিদ্যালয়সমূহৰ আশে-পাশে যান-বাহন আইন কঠোৰভাৱে বলবৎ কৰিবলৈকো ট্রেফিক আৰক্ষীক নির্দেশ দিয়া হৈছিল। কিন্তু যোৰহাটৰ পৰিবহণ বিভাগে চলোৱা অভিযানটোৰ পৰাই ওলাই পৰিল যে ৰাজ্যৰ অধিকাংশ স্কুলবাছেই ৰাজ্য চৰকাৰৰ নিৰ্দেশনা গুৰুত্বসহকাৰে লোৱা নাই আৰু বিদ্যালয়সমূহৰ শিশু এতিয়া নিৰাপদ নহয়। তাৎপর্যপূর্ণ কথা এয়ে যে যোৰহাটৰ পৰিবহণ বিভাগে চলোৱা অভিযানটোৰ পাছতে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে সকলো বিদ্যালয়লৈ স্কুলবাছত শিশুৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ আৰু স্কুলবাছ সেৱাৰ ক্ষেত্ৰত বিদ্যালয় কর্তৃপক্ষকো দায়বদ্ধ হ'বলৈ বিশেষ নির্দেশনা জাৰি কৰে। ৰাজ্যৰ আন আন জিলাতো যোৰহাটৰ পৰিবহণ বিভাগৰ উদ্যোগক আদর্শ হিচাপে লৈ যদি অভিযান চলোৱা হয় তেনেহ'লে শিশুৰ জীৱনক লৈ ব্যৱসায় চলাই থকা এক বৃহৎ চক্র উৎখাত হ'ব। আনহাতে, শিশুটিক বিদ্যালয়লৈ পঠোৱাৰ পূৰ্বে স্কুলবাছ বা ভানখনৰ লগতে চালকজনৰ দক্ষতা সম্পর্কত নিশ্চিত হৈ ল'বলৈ অভিভাৱকসকলক পৰিবহণ বিভাগে আহ্বান জনাইছে।