প্রাণচঞ্চল ডুবাইত এতিয়া নিজম পৰিৱেশ, ইৰানৰ অবিৰত আক্ৰমণৰ প্ৰভাৱ

dainik janambhumi April 03, 2026

ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ অগ্নিগর্ভ পৰিস্থিতিয়ে সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউ এ ই) অন্যতম বাণিজ্যিক নগৰ তথা পৰ্যটনস্থল ডুবাইক সংকটৰ গৰাহলৈ ঠেলি দিছে। বিশ্বৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ডুবাইত এতিয়া ইৰানৰ মিছাইলৰ বৰষুণে অহর্নিশে আতংকিত কৰি ৰাখে জনতাক। 

উল্লেখযোগ্য যে আমেৰিকা আৰু ইজৰাইলে ইৰান আক্ৰমণ কৰাৰ প্ৰতিশোধ স্বৰূপে ইৰানেও মধ্যপ্রাচ্যৰ বিভিন্ন দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি আক্ৰমণ অব্যাহত ৰাখিছে। ইৰানে ১ এপ্রিল পর্যন্ত সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউ এ ই) মার্কিন সামৰিক ঘাটিক লক্ষ্য কৰি ৪৩৮টা বেলিষ্টিক মিছাইল, ১৯টা ক্রুজ মিছাইল আৰু দুহেজাৰতকৈও অধিক ড্র'নেৰে আক্ৰমণ চলাইছে। এই আক্রমণত সেনা বিষয়াকে ধৰি ১২জন লোকৰ মৃত্যু হোৱাৰ লগতে দুই শতাধিক লোক আহত হৈছে। 

ইৰানৰ এই আক্ৰমণৰ ফলত বিধ্বস্ত হৈ পৰিছে ডুবাইৰ পর্যটন উদ্যোগ। আবু ধাবিৰ বিবাহ পঞ্জীয়ন কার্যালয়ত প্রতিদিনেই প্রায় ৭০খনকৈ বিবাহ সম্পন্ন হয়। ইয়াৰ বেছিভাগেই দেশখনৰ বাহিৰৰ পৰা যোৱা লোকৰ বিবাহ অনুষ্ঠান। কিন্তু যুদ্ধৰ ফলত ইউ এ ইত বহিঃৰাষ্ট্ৰৰ বিবাহ পঞ্জীয়ন কার্যতঃ শূন্য হৈ পৰিছে। ইফালে, দেশখনলৈ পৰ্যটকৰ আগমনো লেখত ল'বলগাকৈ কমিছে।

Share This