ডিজিটেল ডেস্ক : আইন বলবৎকাৰী সঞ্চালকালয়ে (ই ডি) এই বিত্তীয় বৰ্ষত দেশৰ ৰীয়েল ইষ্টেট, পঞ্জি আৰু আন জালিয়াতিত পীড়িতসকলক ১৫,০০০ কোটি টকা মূল্যৰ সম্পত্তি ওভতাই দিবলৈ নির্ধাৰণ কৰিছে।
সংবাদ মাধ্যমে পোৱা তথ্য মতে বৰ্তমানলৈকে ধনৰ অবৈধ সৰবৰাহ প্ৰতিৰোধ আইনৰ প্রতিবন্ধৰ অধীনত ই ডিয়ে মুঠ ৩১,৯৫১ কোটি টকা ওভতাই দিছে। ইয়াৰ ভিতৰত বিজয় মালিয়া, নীৰৱ মোদী আৰু নেশ্যনেল স্পট এক্সচেঞ্জ লিমিটেড (এন এছই এল) গোচৰত ২০১৯-২১ চনত ১৫,২০১.৬৫ কোটি টকা ওভতাই দিছে।
আনহাতে, ই ডিয়ে ২০২৪ চনৰ আগষ্ট আৰু এই বছৰৰ এপ্ৰিলৰ ভিতৰত ১৫,২৬১.২৫ কোটি টকা আৰু এই বিত্তীয় বর্ষত ১,৪৮৮ কোটি টকা মূল্যৰ সম্পত্তি ঘুৰাই আনিছে।