ডিজিটেল ডেস্ক: এম জি এনৰেগাৰ সলনি আনিবলৈ বিচৰা কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম্য নিয়োগৰ বিধেয়ক 'ভি বি-জি ৰাম জি'ৰ বিৰুদ্ধে বুধবাৰে কংগ্ৰেছে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব।
কংগ্ৰেছে দাবী কৰে যে এয়া হৈছে অধিকাৰ ভিত্তিক কল্যাণ আঁচনি আঁতৰোৱা তথা মহাত্মা গান্ধীৰ নাম, শ্ৰমিকৰ অধিকাৰ আৰু কেন্দ্ৰৰ দায়িত্বত এক আক্রমণ। বিৰোধী দলটোৰ সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেণুগোপালে সকলো ৰাজ্যিক কংগ্ৰেছৰ সভাপতিলৈ প্ৰেৰণ কৰা পত্ৰত সকলো জিলা সদৰতে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ইয়াৰ উপৰি, কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস ২৮ ডিচেম্বৰত মহাত্মা গান্ধীৰ ছবি লৈ সকলো ব্লক আৰু গাঁৱত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বেণুগোপালে ৰাজ্যিক সভাপতিসকলক আহ্বান জনায়। বেণুগোপালে সামাজিক মাধ্যম এক্সত কয়, 'এইখন ৰাজনৈতিক যুদ্ধ আৰু নৈতিক যুদ্ধও। এম জি এনৰেগাক ৰক্ষা কৰিবলৈ কংগ্ৰেছে সমুখৰ পৰা নেতৃত্ব দিব লাগিব।'
উল্লেখযোগ্য যে মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে 'বিকশিত ভাৰত-গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্রামীণ) (ভি বি-জি ৰাম জি) বিধেয়ক, ২০২৫ উত্থাপন কৰাৰ সময়ত বিৰোধী দলবোৰে প্রবলভাবে আপত্তি দর্শায়। কংগ্ৰেছ আৰু আন বিৰোধী দলবোৰৰ সাংসদসকলে কেন্দ্ৰৰ এই পদক্ষেপৰ বিৰুদ্ধে সংসদৰ চৌহদত ধর্ণাও প্রদর্শন কৰে।