২৮ মে'ত ঈদ-উল-আজহা

dainik janambhumi May 19, 2026

ডিজিটেল ডেস্ক : অহা ২৮ মে'ত উদযাপন কৰা হ'ব ঈদ-উল-আজহা। কেন্দ্রীয় হিলাল কমিটী, অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্রধান আলহাজ ইমদাদ হুছেইনে কালি এই কথা প্রকাশ কৰিছে। 

অসম তথা ভাৰতবৰ্ষত ১৭ মে'ৰ দিনা জোন দেখা খবৰ পোৱা নগ'ল বুলি জনাই কাছিমী আৰু হুছেইনে কয় যে সেয়েহে অহা ২৮ মে', বৃহস্পতিবাৰে ভাৰতবৰ্ষৰ লগতে অসমতো ঈদ-উল-আজহা পালন কৰা হ'ব। 

উল্লেখযোগ্য যে বকৰি ঈদ নামেৰেও পৰিচিত ঈদ-উল-আজহা ঈদ-উল-ফিটৰৰ দুমাহ ৯ দিনৰ পাছত উদযাপন কৰা হয়। চন্দ্ৰ দেখাৰ দশম দিনা পালন কৰা ঈদ-উল-আজহাক এটা গুৰুত্বপূৰ্ণ ইছলামিক উৎসৱ হিচাপে গণ্য কৰা হয়, য'ত বলি অর্থাৎ কোৰবানীৰ পৰম্পৰা পালন কৰা হয়। 

ইফালে, অসমত কোৰবানীৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰি থৈছে। সেয়েহে, কালি হিলাল কমিটীয়ে চৰকাৰী নীতি-নির্দেশনা মানিহে কোৰবানী দিবলৈ ৰাইজক আহ্বান জনাইছে।

Share This