ৰঙিয়াত ৮টা ই ভি এমত বিসংগতিৰ অভিযোগ কংগ্ৰেছ প্ৰাৰ্থীৰ, জিলা নির্বাচনী বিষয়াই দিব নোৱাৰিলে তথ্য

dainik janambhumi April 28, 2026

ডিজিটেল ডেস্ক: বিধানসভাৰ নিৰ্বাচনত ব্যৱহৃত ই ভি এমৰ বিসংগতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰঙিয়াৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্রাণজিৎ চৌধুৰীয়ে। তেওঁ এই অভিযোগ লৈ ভাৰতৰ নিৰ্বাচন আয়োগৰ কাষ চাপিছে। 

প্রার্থীজনে কালি এই সম্পর্কত দিল্লীস্থিত মুখ্য নির্বাচন আয়ুক্তৰ ওচৰত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে। এই অভিযোগ সন্দৰ্ভত কংগ্ৰেছ প্রার্থী চৌধুৰীয়ে প্রকাশ কৰে যে তেওঁৰ সমষ্টিত কিমান ই ভি এম ব্যৱহাৰ কৰা হৈছিল আৰু কিমান ই ভি এম ব্যৱহাৰ নোহোৱাকৈ ৰ'ল তাৰ তথ্য জিলা নির্বাচন বিষয়াৰ পৰা বিচাৰিছিল। 

কামৰূপ জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা তেওঁক প্রথমে ব্যৱহাৰ হোৱা ই ভি এমৰ তথ্য অৱগত কৰে যদিও ব্যৱহাৰ নোহোৱাকৈ থকা ই ভি এমৰ তথ্য অৱগত কৰাৰ পৰা বিৰত থাকে। তাৰ পাছতে তেওঁ ৮টা ই ভি এমৰ তথ্যৰ বিসংগতি লাভ কৰে বুলি প্রকাশ কৰে। 

কন্ট্র'ল ইউনিট আৰু ই ভি এমৰ তথ্যৰ সৈতে প্রিজাইডিং বিষয়াই দাখিল কৰা ফৰ্ম ১৭ৰ তথ্যৰ অমিল লাভ কৰে। তাৰ পাছতে তেওঁ কামৰূপ জিলাৰ নির্বাচন বিষয়াৰ লগতে ৰাজ্যিক নির্বাচন আয়োগক আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে। 

একেই অভিযোগ কালি তেওঁ ভাৰতৰ মুখ্য নির্বাচন আয়ুক্তকো দাখিল কৰে। তেওঁ কয় যে তেওঁ স্বচ্ছ আৰু নিকাভাবে নির্বাচন অনুষ্ঠিত হোৱাৰ কামনা কৰিছিল। কিন্তু এই বিসংগতিৰ উপৰি ষ্ট্ৰং ৰূমৰ চি চি টিভি কেমেৰা বিকল হৈ থকা বিষয়টোৱে গুৰুতৰ সন্দেহৰ সৃষ্টি কৰা বুলি তেওঁ প্রকাশ কৰে। 

সেয়ে, তেওঁ উচিত তদন্ত কৰাৰ বাবে ভাৰতৰ মুখ্য নির্বাচন বিষয়াক আৱেদন কৰা বুলি কয়। তেওঁ দুই-তিনি দিন ন্যায়ৰ বাবে অপেক্ষা কৰিব বুলি সদৰী কৰি এই সময়ৰ ভিতৰত নির্বাচন আয়োগে উচিত পদক্ষেপ গ্রহণ নকৰিলে আন্দোলন কৰাৰ বিকল্প নাথাকিব বুলি তেওঁ প্রকাশ কৰে।

Share This