এল নিন'ত মৃত্যু হ'ব দেশৰ ৫৫ হাজাৰ লোকৰ

Dainik Janambhumi October 30, 2026

ডিজিটেল ডেস্ক : জলবায়ু পৰিঘটনা এল নিন'ৰ প্ৰভাৱত আহি থকা দিনবোৰত ভাৰতত বিপৰ্যয়ৰ সৃষ্টি হ'ব। এল নিন' পৰিঘটনা পর্যবেক্ষণ কৰি থকা এটা জলবায়ু সমীক্ষা সংস্থাৰ শেহতীয়া অধ্যয়নত এই ভয়ংকৰ পূর্বানুমান কৰা হৈছে। চিকাগো বিশ্ববিদ্যালয়ৰ সৈতে জড়িত 'ক্লাইমেট ইমপেক্ট লেব'ৰ দ্বাৰ প্ৰস্তুত কৰা 'এল নিন' হিট মর্টেলিটি ট্ৰেকাৰ'-এ এই সতর্কবাণী জাৰি কৰি কয় যে ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত এল নিন'ৰ প্ৰভাৱত ভাৰতত ৫৫,০০০ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে। 

উল্লেখযোগ্য যে চলিত বর্ষত প্রশান্ত মহাসাগৰৰ পানী অস্বাভাৱিকভাৱে গৰম হৈ পৰাৰ ফলত এক শক্তিশালী জলবায়ু পৰিৱৰ্তন হৈছে। এই জলবায়ু পৰিৱৰ্তনক বিশেষজ্ঞসকলে 'ছুপাৰ এল নিন” বুলি অভিহিত কৰিছে। এই 'ছুপাৰ এল নিন"ৰ প্রভাৱত গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ লগতে বতাহ, বায়ুৰ চাপ আৰু বৃষ্টিপাতৰ ধৰণ সলনি হৈছে। চলিত বৰ্ষৰ অক্টোবৰৰ পৰা ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতত তীব্র উষ্ণতা, অনিয়মিত বৃষ্টিপাত আৰু প্ৰদূষণৰ ফলত প্রায় ৫৫ হাজাৰ অতিৰিক্ত লোকৰ মৃত্যু হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ বেছি মৃত্যু অহা বৰ্ষৰ মাৰ্চ মাহত হোৱাৰ পূর্বানুমান কৰা হৈছে। অহা ৬ মাহত এল নিন'ৰ বিধ্বংসী প্রভাৱত সমগ্র বিশ্বতে ৩,৭৩,০০০তকৈ অধিক লোকৰ মৃত্যু হ'ব পাৰে। আফ্ৰিকাৰ দেশ নাইজেৰিয়াৰ আটাইতকৈ বেছি (৫৬,০০০) লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। ইয়াৰ ঠিক পাছতেই ভাৰত দ্বিতীয় স্থানত আছে। তদুপৰি, ইণ্ডোনেছিয়াত ২৯,০০০ আৰু ব্রাজিলত ১৯,০০০ লোকৰ মৃত্যুৰ পূর্বানুমান কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে, এল নিন'ৰ প্ৰভাৱত বিভিন্ন দেশত বতাহৰ গতি ধীৰ হ'ব আৰু যাৰ ফলত ভাৰতৰ মুম্বাইৰ দৰে মহানগৰত তীব্র বায়ু প্ৰদূষণৰ সৃষ্টি হ'ব। প্রতিবেদনখনত উল্লেখ কৰা মতে, যোৱা ছেপ্টেম্বৰত প্রশান্ত মহাসাগৰীয় অঞ্চলত তাপমাত্রা ৩.০৮ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাইছে। 

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি, ১৯৫০ চনৰ পাছত এইবাৰ এল নিন' সবাতোকৈ শক্তিশালী হ'ব। সাধাৰণতে দুইৰ পৰা সাত বছৰৰ ব্যৱধানত এই এল নিন' পৰিঘটনা হয় আৰু ৯ মাহৰ পৰা ১২ মাহ পর্যন্ত ইয়াৰ প্ৰভাৱ থাকে। যোৱা জুন মাহৰ পৰা বিশ্বত এই এল নিন'ৰ পৰিঘটনা আৰম্ভ হৈছে। এল নিন'ৰ প্রভাৱত ইতিমধ্যে বিশ্বৰ বিভিন্ন অঞ্চলত অনিয়মিত বৃষ্টিপাত, আকস্মিক বান, খৰাং আৰু তীব্র গ্রীষ্ম প্ৰৱাহৰ সৃষ্টি হৈছে।

Share This