ৰাইজক মাধমাৰ :পুনৰ বাঢ়িল বিদ্যুৎ মাচুল, প্রতি ইউনিটত বৃদ্ধি ৩০ পইচাৰপৰা ১.২৯ টকা পর্যন্ত

Jyoti Borah October 01, 2023

ডিজিটেল ডেস্কঃ আজিৰ পৰা বলৱৎ হ’ব বিদ্যুৎ মাচুলৰ নতুন নিৰিখ। ২৯ ছেপ্টেম্বৰত অসম শক্তি বিতৰণ কোম্পানীয়ে জাৰি কৰা জাননী অনুসৰি ৩০০ ইউনিটলৈকে প্রতি ইউনিটত বৃদ্ধি হ'ব ৩০ পইচাকৈ। আনহাতে, ৩০০- ৫০০ ইউনিটলৈ প্রতি ইউনিটত বঢ়োৱা হৈছে ৫০ পইচা! ৫০০ ইউনিটৰ অধিক হ'লে গ্ৰাহকে প্রতি ইউনিটত ভৰিব লাগিব ১.২৯ টকাকৈ। সেইদৰে বাণিজ্যিক আৰু ঔদ্যোগিক ক্ষেত্রতো বিদ্যুৎ মাচুল ১.২৯ টকাকৈ বৃদ্ধি কৰা হৈছে। উল্লেখ্য, ইয়াৰ পূৰ্বেও যোৱা জুনত ইন্ধন আৰু বিদ্যুৎ ক্ৰয়ৰ দাম ঠিক কৰি লোৱাৰ গইনা লৈ প্ৰতি ইউনিট বিদ্যুৎ মাচুল ৩০ পইচাৰপৰা ৭০ পইচালৈকে বৃদ্ধি কৰা হৈছিল। এইবাৰো অনুৰূপ অজুহাত দেখুৱাই পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ বিচৰা হৈছে। এই সন্দৰ্ভত অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই কয় যে পৰিৱৰ্তনশীল মাচুলৰ ক্ষেত্ৰত এক নিৰ্দ্ধাৰিত পৰ্যায়লৈকে বিদ্যুৎ কোম্পানীয়ে মাচুল বৃদ্ধি কৰিব পাৰে, তাৰ বাবে নিয়ামক আয়োগৰ অনুমোদনৰ প্রয়োজন নহয়। কয়লা, গেছ আদিৰ দৰে ইন্ধনৰ দাম বৃদ্ধি হ'লে প্রতি ইউনিটত ১.৫০ টকালৈকে বিদ্যুৎ কোম্পানীয়ে মাচুল বৃদ্ধি কৰিব পাৰে। সম্প্ৰতি বিদ্যুৎ কোম্পানীয়ে যি মাচুল বৃদ্ধি কৰিছে সেয়া তেওঁলোকৰ কৰ্তৃত্বৰ ভিতৰত। তাত অসম বিদ্যুৎ নিয়ামক আয়োগৰ কোনো ভূমিকা নাই ৷
লক্ষণীয়ভাৱে এ পি ডি চি এলৰ লোকচানৰ বোজা আজিৰ পৰা পুনৰ মূৰ পাতি ল'ব লাগিব- গ্রাহকে। পহিলা অক্টোবৰৰপৰা অহা ডিচেম্বৰলৈকে লোকচানৰ বোজা মাৰিবলৈ এইদৰে মাচুল বৃদ্ধিৰে ধন সংগ্ৰহৰ লক্ষ্য কৰি লৈছে বিদ্যুৎ কোম্পানীটোৱে । ৯৯ দিনৰ বাবে এইদৰে অতিৰিক্ত ধন সংগ্ৰহ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। মাচুলৰ সঘনাই বৃদ্ধিক লৈ ৰাইজ বাৰুকৈয়ে হতাশাগ্ৰস্ত হৈ পৰিছে। উল্লেখ্য যে এ পি ডি চি এলে যোৱা এপ্ৰিলৰপৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি কিলোৱাটত ফিক্সড চার্জ হিচাপে দহ টকাকৈ বৃদ্ধি কৰিছিল।

Share This