ইজৰাইলত বেঞ্জামিন নেটান্যাহু যুগৰ অন্ত

Dainik Janambhumi November 10, 2026

ডিজিটেল ডেস্ক : ইজৰাইলত অৱশেষত যুদ্ধবাজ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহু গাদীচ্যুত হ'ল। দেওবাৰে দেশখনৰ ৰাষ্ট্ৰপতি আইজাক হেৰজগে বিৰোধী দলৰৰ নেতা গাডি আইজেনকোটৰ নাম প্রধানমন্ত্রী পদৰ বাবে ঘোষণা কৰাৰ পাছতে ইহুদি ৰাষ্ট্ৰখনত নেটান্যাহু যুগৰ অৱসান ঘটিল। 'বিবি' উপনামেৰে জনাজাত নেটান্যাহু হৈছে ইজৰাইলৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে প্রধানমন্ত্রী পদত থকা নেতা। তেওঁ প্রায় ১৯ বছৰ ৪২ দিন ধৰি ইহুদি ৰাষ্ট্ৰখনৰ প্রধানমন্ত্রী পদত আছিল। চলিত বৰ্ষৰ ২৭ অক্টোবৰত হোৱা দেশখনৰ সংসদীয় নির্বাচনত নেটান্যাহুৰ লিকুড পার্টি নেতৃত্বাধীন শাসকীয় মিত্রগোষ্ঠীয়ে ৫৩খন আসন লাভ কৰিছিল। তাৰ বিপৰীতে য়াছাৰ দলৰ নেতা তথা ইহুদি সেনাৰ প্রাক্তন মুৰব্বী গাডি আইজেনকোট নেতৃত্বাধীন বিৰোধী শিবিৰে ৪৮খন আসন লাভ কৰে। ফলত ইজৰাইলৰ ১২০ জনীয়া সংসদ (নেছেট)ত কোনো এটা মিত্রগোষ্ঠীয়েই সংখ্যাগৰিষ্ঠতা লাভ কৰাত সক্ষম নহ'ল। 

এনে পৰিস্থিতিত তৃতীয়টো বিৰোধী মিত্রজোঁট আৰব পাৰ্টিয়ে ১৯খন আসন লাভেৰে 'কিং মেকাৰ'ৰ ভূমিকাত অবতীর্ণ হৈছিল। নেটান্যাহুৰ যুদ্ধনীতিত অসন্তুষ্ট আৰব পাৰ্টিয়ে গাডি আইজেনকোটৰ মিত্রজোঁটক বাহিৰৰ পৰা সমর্থন আগবঢ়োৱাৰ সিদ্ধান্ত লোৱাৰ পাছতে আইজেনকোট নেতৃত্বাধীন বিৰোধী মিত্রজোঁটৰ আসনৰ সংখ্য ৬৭ খনলৈ বৃদ্ধি পালে। ১২০ জনীয়া সংসদত সংখ্যাগৰিষ্ঠতাৰ বাবে ৬১খন আসন লাগে আৰু আইজেনকোটৰ বিৰোধী মিত্রদলে ৬৭খন আসনেৰে শক্তিশালী স্থিতি লাভ কৰে। অৱশেষত দেশখনৰ ৰাষ্ট্রপতিয়ে দেওবাৰে আইজেনকোটক প্রধানমন্ত্রী হিচাপে ঘোষণা কৰাৰ লগে লগে তেওঁ চৰকাৰ গঠন কৰাটো নিশ্চিত হ'ল। ৰাষ্ট্রপতিয়ে আইজেনকোটক অহা ২৮ দিনৰ ভিতৰত চৰকাৰ গঠনৰ আহ্বান জনাইছে। 

অৱশ্যে প্রয়োজন হ'লে তেওঁ আৰু ১৪ দিনৰ সময় লাভ কৰিব। অর্থাৎ আগন্তুক ৪২ দিনৰ ভিতৰত ইজৰাইলত প্রধানমন্ত্রী আইজেনকোটৰ নেতৃত্বত গঠন হ'ব নতুন চৰকাৰ। আইজেনকোটে বিদায়ী প্রধানমন্ত্রী নেটান্যাহুক তেওঁৰ নেতৃত্বৰ মৰ্চা চৰকাৰত অংশগ্ৰহণৰ আহ্বান জনাইছে। অৱশ্যে নেটান্যাহুৱে সেয়া স্বীকাৰ কৰা নাই। উল্লেখযোগ্য যে ইৰান আৰু গাজাত অপ্ৰৰোচিতভাৱে নেটান্যাহুৱে কৰা আক্ৰমণ দেশখনৰ জনতাই চৰকাৰৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰিছিল। অৱশেষত নির্বাচনত জনতাই নেটান্যাহুক যোগ্য প্রত্যুত্তৰ দিলে।

Share This