ডিজিটেল ডেস্ক: গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কালি বৰপেটা জিলাৰ হাউলীৰ নৱম শ্ৰেণীৰ ছাত্ৰ লোকাশিস বায়নে ইংৰাজী ভাষাত লিখা গ্রন্থ 'Zubeen Garg - the voice of the people' নামৰ জুবিন গাৰ্গৰ জীৱন ভিত্তিক গ্রন্থখন জুবিন গাৰ্গৰ সহধর্মিণী গৰিমা শইকীয়া গাৰ্গৰ হাতত অর্পণ কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্র, অসম বিধানসভাৰ অৱসৰপ্ৰাপ্ত প্রধান সচিব হেমেন দাসৰ লগতে বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
গ্রন্থখন গ্ৰহণ কৰি গৰিমা গাৰ্গে লোকাশিসৰ দৰে কণমানি ছাত্ৰ এজনক জুবিন গাৰ্গৰ জীৱন আৰু আদর্শই স্পৰ্শ কৰা কথাটো উৎসাহজনক বুলি উল্লেখ কৰি এনে প্রচেষ্টা নৱ প্ৰজন্মৰ মাজত জুবিন গাৰ্গৰ আদর্শ জীয়াই ৰখা সহায়ক হ'ব বুলি আশা প্রকাশ কৰে। এই প্ৰসংগত গৰিমা গার্গে লোকাশিসক লাখ লাখ নতুন পুৰুষৰ প্ৰতীক বুলি অভিহিত কৰে আৰু এনেদৰে এটা প্ৰজন্মৰ পৰা আন এটা প্রজন্মলৈ জুবিন গাৰ্গৰ আদৰ্শ প্ৰৱাহমান হৈ থাকিব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই কিতাপখনৰ মাজতে জুবিন গাৰ্গক বিচাৰি পোৱা যাব বুলি মত প্রকাশ কৰে। কিশোৰ লেখকগৰাকীৰ প্ৰয়াসক প্রশংসা কৰি তেওঁ কয় যে এই কিতাপখন এখন জীৱনী কোষেই নহয়, সাধাৰণতে জুবিনৰ বিষয়ে নজনা বহু তথ্যৰো ভঁৰাল।
অনুষ্ঠানত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত প্রধান সচিব হেমেন দাসে ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলৰ দৃষ্টিত জুবিন গাৰ্গ কেনেকুৱা আছিল, সেই কথাৰ উল্লেখে কিতাপখনক অনন্য মাত্রা প্রদান কৰিছে বুলি অভিহিত কৰে। নৱ প্ৰজন্মৰ এগৰাকী কিশোৰে ইংৰাজী ভাষাত লিখা এই কিতাপখনে নৱ প্ৰজন্মৰ দৃষ্টিত জুবিন গাৰ্গ কেনেকুৱা আছিল তাকো প্রতিফলিত কৰা বুলি মন্তব্য কৰে।