ইখনৰ পাছত সিখন দেশৰ সৈতে শত্রুতা ট্রাম্পৰ মইমতালি! বৃদ্ধি পাইছে তৃতীয় বিশ্বযুদ্ধৰ আশংকা

dainik janambhumi January 10, 2026

ডিজিটেল ডেস্ক: ইতিমধ্যে তিনিখন যুদ্ধ চলি থকাৰ পাছত তথা উক্ত যুদ্ধৰ বিপৰীতে শান্তিৰ দূতৰূপে নিজকে প্রতিষ্ঠা কৰিবলৈ বিচৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে এইবাৰ ৰচনা কৰিছে যুদ্ধৰ পটভূমি। এই পৰিস্থিতিত শেহতীয়াকৈ পুনৰ বিশ্ববাসীৰ মাজত উদ্বিগ্ন-তৃতীয় বিশ্বযুদ্ধ হ'ব নেকি। 

ভেনিজুৱেলা আৰু গ্রীনলেণ্ডক লৈ আমেৰিকাৰ সংঘাতৰ মাজতে বুধবাৰে ভেনিজুৱেলাৰ পৰা ৰাওনা হোৱা বিশ্বৰ অন্যতম শক্তিশালী দেশ ৰাছিয়াৰ এখন তেল পৰিবহণ কৰা জাহাজ আমেৰিকাই জব্দ কৰাৰ পাছতে পুনৰ বৃদ্ধি পাইছে দুশ্চিন্তা। জাহাজখন আমেৰিকাই জব্দ কৰাৰ পাছতে ৰাছিয়াৰ এজন জ্যেষ্ঠ আইন প্রণেতা আলেক্সেই ঝুৰাভলেভে আমেৰিকাক পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰকে ধৰি সামৰিক প্রত্যাক্ৰমণৰ ভাবুকি দিয়ে। 

উল্লেখযোগ্য যে ৰাছিয়াৰ ষ্টেট ডুমা কমিটী অন ডিফেন্স'ৰ ঝুৰাভলেভ হৈছে প্ৰথম উপাধ্যক্ষ। উল্লেখযোগ্য যে অলপতে আমেৰিকাই এক অভূতপূর্ব সামৰিক অভিযানত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক আটক কৰি আমেৰিকালৈ লৈ যোৱা ঘটনাই বিশ্বজুৰি উদ্বেগৰ সৃষ্টি কৰিছিল। উক্ত ঘটনাক ৰাছিয়া, চীন, ব্রাজিল, উত্তৰ কোৰিয়া, লেটিন আমেৰিকাৰ দেশসমূহ তথা বিশ্বৰ বহু দেশে গৰিহণা দিছিল। তাৰ পাছতে আমেৰিকাৰ মদগৰ্বী ৰাষ্ট্ৰপতি ট্রাম্পে ডেনমাৰ্কৰ এটা অংশ গ্রীনলেণ্ড দখলৰো ভাবুকি দিছিল। উল্লেখযোগ্য যে ডেনমার্ক এখন নাটো দেশ। আমেৰিকাই ডেনমার্কক দিয়া ভাবুকিত ইউৰোপৰ মিত্র দেশবোৰৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। মঙলবাৰে কেইবাখনো ইউৰোপীয় দেশে আমেৰিকাৰ গ্রীনলেণ্ড আক্ৰমণৰ ভাবুকিৰ বিৰুদ্ধে সকীয়নি দিয়ে। ইফালে বৃহস্পতিবাৰে আমেৰিকাই ৬৬টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ পৰা নাম প্রত্যাহাৰ কৰা তথা ৰাছিয়াৰ সৈতে থকা পাৰমাণৱিক চুক্তি পুনৰ নৱীকৰণ নকৰাৰ বাবে লোৱা সিদ্ধান্তই ৰাষ্ট্ৰপতি ট্রাম্পৰ 'মতলব' সম্পৰ্কে বিশ্বত সন্দেহৰ সৃষ্টি কৰিছে। 

উল্লেখযোগ্য যে আমেৰিকাই নাম প্রত্যাহাৰ কৰা সংস্থাবোৰৰ ভিতৰত ভাৰত-ফ্রান্স নেতৃত্বাধীন আন্তঃৰাষ্ট্ৰীয় সৌৰ জোঁট (আই এছ এ)-কে ধৰি ৰাষ্ট্ৰসংঘৰ কেইবাটাও সংস্থা আছে। সাম্প্রতিক আমেৰিকাৰ স্থিতি সন্দর্ভত শুকুৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রনে প্রতিক্রিয়া প্রকাশ কৰি কয় যে আমেৰিকা মিত্র দেশবোৰৰ পৰা আঁতৰি গৈছে আৰু তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘন কৰিছে। জাৰ্মানৰ ৰাষ্ট্ৰপতি ফ্ৰেংক-ৱাল্টাৰ ষ্টেইনমেয়াৰেও ট্রাম্পৰ অধীনত আমেৰিকাৰ নীতিক সমালোচনা কৰে। তেওঁ বিশ্বৰ ব্যৱস্থাক অসৎ লোকে যি ইচ্ছা তাকেই কাঢ়ি নিয়া ধৰণৰ 'ডকাইতৰ ঘাটি'ত পৰিণত হ'বলৈ নিদিবলৈ বিশ্বক আহ্বান জনায়।

Share This