ডিজিটেল ডেস্ক : মহাবাহু ব্রহ্মপুত্রক এক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে। কালি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।
কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাটিলৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জল শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজ ভূষণ চৌধাৰী, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মন্ত্ৰী তথা উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। বৈঠকত কিদৰে উত্তৰ-পূবৰ জল শক্তিক সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰি সেই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্রী পাটিলে কয় যে বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হ'ব। এই সন্দৰ্ভত শেহতীয়াকৈ কেন্দ্রীয় গৃহ মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত বিষয়টো আলোচনা কৰা হৈছে। উক্ত বৈঠকত জল ভাণ্ডাৰ নিৰ্মাণ কৰাৰ লগতে বানৰ আগতীয়া সতৰ্কীকৰণৰ সন্দৰ্ভতো ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে ৰাজ্যৰ ভিতৰতে আৰম্ভ হৈ ৰাজ্যতে শেষ হোৱা নদীবোৰ সংযোগ কৰাৰ পদক্ষেপ গ্রহণ কৰা হ'ব বুলি জনাই তেওঁ লগতে কয় যে এনেদৰে নদী সংযোজন কৰিলে আন ৰাজ্যৰ কোনো সমস্যা নাহিব। এই সন্দৰ্ভত কাম-কাজ আৰম্ভ হৈছে বুলি জনাই তেওঁ লগতে কয় যে এতিয়াৰে পৰাই ব্ৰহ্মপুত্ৰ ব'ৰ্ডত ছিকিম আৰু পশ্চিম বংগক অন্তর্ভুক্ত কৰা হ'ব।
ইফালে অৱসৰপ্ৰাপ্ত লোকসকলক পুনৰ নিযুক্তি দিও ব্রহ্মপুত্র ব'ৰ্ডক শক্তিশালী কৰা হ'ব বুলি স্পষ্ট কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বহু বিষয়া অসমলৈ আহিব নোখোজে। মন কৰিব লগীয়া কথা যে ব্ৰহ্মপুত্ৰ ব'ৰ্ডত চাৰিশটা পদ আছে যদিও আজিৰ তাৰিখত মাত্ৰ ১৬৫ গৰাকী লোকেহে কাম কৰি আছে। ইফালে কালিৰ অনুষ্ঠানত অংশ গ্রহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত অভ্যন্তৰীণ জলপথসমূহে ভাৰতৰ অৰ্থনীতিক শক্তিশালী কৰি তুলিছে।
এক্ট ইষ্ট নীতিকো এক নতুন গতি প্রদান কৰিছে। বিগত বছৰকেইটাত আমি উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগক সর্বাধিক গুৰুত্ব দিছোঁ। ৰাষ্ট্ৰীয় জলপথসমূহত কার্গ সঞ্চালন ১,১১১ শতাংশ বৃদ্ধি পাইছে। ২০১৪ চনত ১৮ মিলিয়ন মেট্রিক টনৰ পৰা ২০২৫-২৬ চনত ২১৮ মিলিয়ন মেট্রিক টনলৈ কার্গ পৰিবহণ বৃদ্ধি পাইছে। অসমত বর্তমান ১,১৭০ কোটি টকাৰো অধিক মূল্যৰ বৃহৎ জলপথ প্রকল্প চলি আছে বুলি জনাই তেওঁ লগতে কয় যে অহা ৫ বছৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জলপথ খণ্ডৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ বাবে ৪,৮০০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছে। তদুপৰি, দেশৰ নদীকেন্দ্ৰিক অভ্যন্তৰীণ জলপথ খণ্ডত ইতিহাস সৃষ্টিৰে ব্ৰহ্মপুত্ৰৰ দাঁতিত লাইট হাউছ স্থাপনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা হৈছে।
ব্ৰহ্মপুত্ৰক উপযুক্ত ব্যৱহাৰেৰে সম্পদলৈ পৰিণত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আছে বুলি জনাই তেওঁ লগতে কয় যে অসমত ইতিমধ্যে প্রায় ৭৫১ কোটি টকাৰ প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে, যাৰ ভিতৰত আছে পাণ্ডু, ধুবুৰী আৰু যোগীঘোপাত গুৰুত্বপূৰ্ণ টার্মিনেলসমূহ, লগতে ভাসমান জেটি নির্মাণ। বর্তমান ১,১০০ কোটিতকৈ অধিক মূল্যৰ চলি থকা প্রকল্পসমূহৰ ভিতৰত আছে- ব্ৰহ্মপুত্ৰত ফেয়াৰৱে' উন্নয়ন, জাহাজ মেৰামতি সুবিধা, পর্যটন জেটি আৰু ডিব্ৰুগড়ত আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন। আনহাতে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত প্রায় ৪,৮০০ কোটি টকাৰ জলপথ সংক্রান্তীয় প্রকল্পত বিনিয়োগ কৰিছে বুলি উল্লেখ কৰি তেওঁ ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোৰ বিকাশৰ গতি ক্ষিপ্র হ'ব বুলি মত ব্যক্ত কৰে।