ডিজিটেল ডেস্ক: উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিবলৈ গৈ মহা সমস্যাত পৰিছে অর্থনৈতিকভাৱে পিছপৰা ঘৰৰ শিক্ষার্থীসকলে। কিয়নো ৰাজ্য চৰকাৰখনে কোনোধৰণৰ জাননী নিদিয়াকৈ এইবাৰ ছাত্ৰীৰ বাবে থকা সংৰক্ষণৰ ব্যৱস্থা প্রত্যাহাৰ কৰিছে। অথচ ২০১৯ চনৰ পৰাই অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ ক্ষেত্ৰত অসম চৰকাৰে দহ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল।
'দর্পণ' প'র্টেল যোগে নামভৰ্তি কৰিবলৈ গৈ দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰীসকল মহা সমস্যাত পৰাৰ পাছতেই সমগ্র বিষয়টোক লৈ কটন কলেজৰ ছাত্ৰ একতা সভাই ৰাজ্যৰ শিক্ষা বিভাগৰ সৈতে যোগাযোগ কৰিছিল যদিও তেওঁলোকে কোনো সদুত্তৰ নাপালে। আনকি কটনৰ সাধাৰণ সম্পাদকজনে নিজেই গৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক দেখা কৰি সমগ্ৰ বিষয়টো অৱগত কৰে যদিও তেওঁ কিছু টুলুঙা কথাহে কয়। এই সন্দৰ্ভত কালি অনুষ্ঠিত এখন সংবাদমেলত কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক কৃতিময় কাশ্যপে কয় যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী প'ৰ্টেল 'দর্পণ' (DARPAN)-ত অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণী (EWS)-ৰ বাবে সংৰক্ষিত আসনৰ কোনো স্পষ্ট উল্লেখ নথকাটো দুর্ভাগ্যজনক।
ৰাজ্য চৰকাৰে অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আসন সংৰক্ষণৰ যি ব্যৱস্থা গ্রহণ কৰিছে, সেয়া বৰ্তমানৰ অনলাইন নামভর্তি প্রক্রিয়াত কাৰ্যকৰী হোৱা দেখা যোৱা নাই। 'দর্পণ' প'র্টেলত EWS শ্ৰেণী নিৰ্বাচন কৰাৰ কোনো বিকল্প নথকাৰ ফলত সহস্রাধিক ছাত্ৰ-ছাত্ৰী অনিশ্চয়তাৰ মাজত আছে। সম্পাদক কাশ্যপৰ মতে 'দর্পণ' প'ৰ্টেলত EWS প্রমাণ-পত্র দাখিল কৰাৰ কোনো ব্যৱস্থা নাই, যাৰ ফলত যোগ্য ছাত্র-ছাত্রীসকল এই বিশেষ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ আশংকা প্রবল হৈ পৰিছে।
আনহাতে, সমগ্র বিষয়টো অৱগত হোৱাৰ পাছতেই ছাত্র একতা সভাই তৎকালীনভাৱে শিক্ষা পৰিষদৰ অধ্যক্ষক সাক্ষাৎ কৰিছিল বুলি জানিবলৈ দি তেওঁ লগতে কয় যে তেওঁলোকৰ হাততো এই সম্পৰ্কীয় কোনো চৰকাৰী লিখিত অধিসূচনা নাই। এনে পৰিস্থিতিত কোনো অধিসূচনা নোহোৱাকৈ কেনেকৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিত অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত আসন বাতিল কৰিছে বুলি প্রশ্ন উত্থাপন কৰি কাশ্যপে লগতে কয়, চৰকাৰী জাননী অনুসৰি ২০১৯ চনৰ পৰাই এই সংৰক্ষণ ব্যৱস্থা চলি আছে। ২০২৩ চনৰ এখন অধিসূচনাত স্পষ্টকৈ উল্লেখ আছে যে এই সংৰক্ষণ ব্যৱস্থা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত স্থগিতাদেশ কৰা হৈছে, কিন্তু কোনো এখন অধিসূচনাত শিক্ষানুষ্ঠানৰ কথা উল্লেখ নাই। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই সমস্যাটো তৎকালীনভাৱে সমাধান কৰিবলৈ দাবী জনাই তেওঁ লগতে কয় যে এক নিকা আৰু সুলভ নামভর্তি প্রক্রিয়াই মেধাৱী তথা অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰিব বুলি আমি গভীৰভাৱে বিশ্বাসী।
উল্লেখযোগ্য যে কালিৰ এই সংবাদ মেলত কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কৃতিময় কাশ্যপ, সহকাৰী সাধাৰণ সম্পাদক ময়ূৰী বৰুৱা, সমাজসেৱা সম্পাদক নিশান্ত ভৰদ্বাজ আৰু ক্রীড়া সম্পাদক নিবিড় মুহূৰ্ত বৰুৱাকে আদি কৰি ছাত্ৰ একতা সভাৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকি চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষক এই সমস্যা সমাধান কৰিবলৈ দাবী জনায়।