ডিজিটেল ডেস্ক: গুৱাহাটীৰ মঠঘৰীয়াৰ শিহৰণকাৰী দুৰ্ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতেই এইবাৰ ভঙাগড়স্থিত এক্স'ৰ'বাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চন্যায়ালয়ৰ এগৰাকী অধিবক্তাই আৰক্ষীৰ ওচৰত দাখিল কৰিলে এজাহাৰ।
নিশা নিৰ্ধাৰিত সময় অতিক্ৰম কৰি সুৰা বিক্ৰী কৰাৰ অভিযোগত বাৰখনৰ বিৰুদ্ধে নুনমাটি থানাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গীতিমা বৰাই এই এজাহাৰ দাখিল কৰে। আনহাতে, আবকাৰী বিভাগৰ বিৰুদ্ধেও তেওঁ আৰক্ষীক এজাহাৰ দিছে।
উল্লেখযোগ্য যে ভঙাগড়স্থিত ৰুদ্রাক্ষ মলৰ এক্স'ৰ' বাৰত মঠঘৰীয়াত দুর্ঘটনাটো সংঘটিত কৰা ছুইফ্ট বাহনখনৰ চালক ছামিম আহমেদ আৰু দুর্ঘটনাটোত মৃত্যুবৰণ কৰা তিনিগৰাকী যুৱতীয়ে সুৰাপান কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি সেইদিনা নিশা ১১ বজাৰ পৰা ৩ বজালৈকে জি এছ ৰ'ডৰ ৰুদ্ৰাক্ষ মলৰ পাৰ্কিঙত দুর্ঘটনাগ্রস্ত গাড়ীখন আছিল আৰু চাৰিও এক্স'ৰ' বাৰত প্ৰায় চাৰি ঘণ্টা ধৰি সুৰাপান কৰিছিল। ইয়াৰ পাছতেই পুৱতি নিশা বাৰত সুৰা সেৱন কৰাৰ বাবদ ১৯ হাজাৰ টকাৰ বিল আদায় দি ছামিমে তিনি যুৱতীক লগত লৈ প্রতি ঘণ্টাত ১৩৫ কিঃমিঃ বেগত গাড়ীখন চলাই মহানগৰৰ বিভিন্ন ঠাইত আতংকৰ সৃষ্টি কৰিছিল। এই তথ্য ফাদিল হোৱাৰ পাছতেই অধিবক্তাগৰাকী বাৰখনৰ লগতে আবকাৰী বিভাগৰ বিৰুদ্ধে সৰৱ হৈ উঠে। এই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে কয় যে আবকাৰী বিভাগৰ নিয়ম অনুসৰি নিশা ১২-৩০ বজালৈহে বাৰ খোলা ৰাখিবলৈ অনুমতি থাকে। কিন্তু তাৰ পাছতো পুৱতি নিশা ৩ বজালৈকে বাৰখন খোলা ৰাখি সুৰা বিক্ৰী কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। সেয়ে, নিয়ম থকা সত্ত্বেও কিদৰে বাৰখন পুৱতি নিশালৈ খোলা ৰাখি ব্যৱসায় চলাই থাকিল, সেই বিষয়ে যথাযথ তদন্ত হ'ব লাগিব।
আনহাতে, এই ঘটনাত আবকাৰী বিভাগৰ ভূমিকাক লৈও সন্দেহ প্রকাশ কৰি অধিবক্তাগৰাকীয়ে আবকাৰী বিভাগৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰে। ভাৰতীয় ন্যায় সংহিতাৰ ১০৬ নং ধাৰাত গোচৰ পঞ্জীয়ন কৰি ঘটনাটোৰ সম্পূৰ্ণ তদন্ত চলাবলৈ অধিবক্তাগৰাকীয়ে আৰক্ষীক আহ্বান জনাইছে। ইফালে, কালি নিশা ৰাজ্য চৰকাৰে এক্স'ৰ'বাৰৰ অনুজ্ঞাপত্র বাতিল কৰে। নিয়ম ভংগ কৰি নিশা ৩ বজালৈকে বাৰখন খুলি ৰখাৰ অপৰাধত অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।