ডিজিটেল ডেস্ক: সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। জিলাখনৰ পাঁচটাকৈ বিধানসভা সমষ্টিত শান্তিপূৰ্ণ ভোটদান নিশ্চিত কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশিস বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহৰ ওপৰত আৰক্ষীয়ে বিশেষ দৃষ্টি নিবদ্ধ কৰিছে। বিশেষকৈ গোলকগঞ্জ আৰু আগমনী আদি অঞ্চলৰ অন্তৰ্গত ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষৰীয়া ৮৫টা ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তাৰ দিশটোত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে।
সীমান্তৱৰ্তী এই এলেকাসমূহত আৰক্ষীয়ে অহৰহ টহলদাৰী ব্যৱস্থা গঢ়ি তোলাৰ লগতে সন্দেহজনক গতিবিধি ৰোধ কৰিবলৈ ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে।
ইয়াৰ উপৰি, নিৰ্বাচনৰ সময়ত আন্তঃৰাজ্যিক সমন্বয় ৰক্ষাৰ বাবে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ জিলা প্ৰশাসনৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। নিৰ্বাচনৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে সীমান্তৰ দুই পাৰৰ প্ৰশাসনে যৌথভাৱে কাম কৰাৰ পৰিকল্পনা কৰিছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰে।