পৰ্যটকক আকৰ্ষণৰ লক্ষ্যৰে শিমলু উৎসৱ
ডিজিটেল ডেস্কঃ নগাঁও জিলাৰ লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বর্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় শিমলু উৎসব পালন কৰা হয়। ফাগুনৰ আগমনৰ লগে লগে লাওখোৱাৰ বিস্তীর্ণ ভূমি শিমলু - ফুলেৰে উপচি ৰঙা দলিচাত পৰিণত হয়।
প্রকৃতিৰ এই মনোমোহা দৃশ্য উপভোগ কৰিবলৈ শ শ লোকৰ আগমন ঘটাৰ প্ৰতি লক্ষ্য ৰাখি সময়খিনিক অধিক উপভোগ্য কৰি তুলিবলৈ বিগত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে শিমলু উৎসৱ পালন কৰাৰ দৰে এইবাৰো কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
তদুপলক্ষে আজি পুৱাৰ ভাগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্র সঞ্চালিকা সোণালী ঘোষৰ অংশগ্রহণত এক চাইকেল শোভাযাত্রা উলিওৱা হয়। হাজাৰৰো অধিক ভিন্ন প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী জলচৰ পক্ষীৰে সমৃদ্ধ লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ ৰঙীণ পৰিৱেশৰ মাজত চাইকেল চলাই ফাগুনৰ মাদকতা অধিক বঢ়াই তোলে। উল্লেখ্য যে বিভিন্ন উদ্ভিদৰ লগতে লাওখোৱা মথাউৰীৰ দুয়োকাষে শাৰী শাৰী শিমলুৰ সুশোভিত পৰিৱেশত সকলো মুগ্ধ হৈ পৰে।
ধন্দুৱা বন শিবিৰ এলেকাত আয়োজিত অনুষ্ঠানত নগাঁৱৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন সংস্থাই অংশ লয়। ইয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষ, নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজীৱ হাজৰিকাই চাইক্লিঙত অংশ লোৱা ব্যক্তিসকলক একোখনকৈ মান-পত্ৰ প্ৰদান কৰে।