ডিজিটেল ডেস্কঃ এতিয়া ফাগুনৰ বতৰ। ফাগুন মানেই প্ৰেমৰো বতৰ। পহিলা ফাগুনৰ দিনাই উদযাপন হয় প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে’ৰ। এই ভেলেণ্টাইন ডে’তেই আমাৰ মাজলৈ আহিল ফাগুনী তুমি৷ এটি মিঠা প্ৰেমৰ গান ফাগুনী তুমি৷
মোৰ আৱেগৰ দলিচাত
প্ৰণয়ৰ ৰং সানি
প্ৰেমৰ আঁচলখন
লোৱানা সাবটি
নাজানো মই তোমাৰ
তুমিনো মোৰ কোন
কেনেকৈ বুজি পাম
তুমি মোৰে আপোন...
অসমীয়া সংগীত জগতত সংযোজন ঘটিল ফাগুনী তুমি শীৰ্ষক শ্ৰুতিমধুৰ গীতটি। গীতটি সজাই পৰাই তুলিছে-
পুৰুষ কণ্ঠশিল্পী : অনুৰাগ প্ৰীতম কাকতি
মহিলা কণ্ঠশিল্পী : নেহা দত্ত
গীতিকাৰ : সোণমণি গোৱালা
সংগীত পৰিচালনা / ব্যৱস্থা : অনুৰাগ প্ৰীতম কাকতি
মিক্স : ঋতুঞ্জয় শইকীয়া(RJS)
মাষ্টাৰ : D.btz
বাঁহী : দাদু ৰাজখোৱা
তবলা আৰু পাৰ্কাচন : পংকজ কলিতা
গীটাৰ : অমৰ জ্যোতি গায়ন
পিয়ানিকা : অনুৰাগ প্ৰীতম কাকতি
ৰেকৰ্ডিং কৰিছে অংকুৰ জ্যোতি বৰাই৷
মাজুলীৰ বংশীগোপাল ষ্টুডিঅ'ত গীতটি বাণীবদ্ধ কৰা হয়।
গীতটিৰ প্ৰযোজনা B.G STUDIOৰ
ফাগুনী তুমিৰ শিল্পকৰ্ম অৰ্পিতা শৰ্মাৰ। এনিমেশ্যন জগদীশ ডেকাৰ।
গীতটি শুনক আৰু প্ৰিয়জনকো শুনাওক। ফাগুনী তুমিক ৰাইজে অতি মৰমৰে আঁকোৱালি ল’ব বুলি গানটোৰ সৈতে জড়িত প্ৰতিজনেই আশাবাদী।
উৎসঃ প্ৰাগ নিউজ ডিজিটেল