ডিজিটেল ডেস্ক: গ্রামাঞ্চলৰ প্রতিটো দৰিদ্ৰ পৰিয়ালকে এটা বিত্তীয় বর্ষত এশ কর্মদিনৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি লৈছিল মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিত আইন চমুকৈ এম জি এনৰেগা। অৱশ্যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই অভিলাষী আঁচনিখনক বিকশিত ভাৰত-গেৰাণ্টী ৰোজগাৰ এণ্ড অজীৱিকা মিছন গ্রামীণ চমুকৈ ভি বি-জি ৰাম জি নামেৰে নতুন নামকৰণ কৰিছে।
কেন্দ্ৰীয় চৰকাৰে আঁচনিখনৰ নাম সলনি কৰাত সফল হ'ল যদিও বাস্তৱত আঁচনিখনৰ পৰিস্থিতিৰ কিন্তু একো পৰিৱৰ্তন নহ'ল। এক কথাত ক'বলৈ গ'লে গ্রাম্য অঞ্চলৰ জনসাধাৰণক আৰ্থ-সামাজিক দিশটো সবল কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা এই আঁচনিখনৰ সঠিকভাৱে ৰূপায়ণত ব্যৰ্থ হৈছে অসম চৰকাৰ তথা পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ। নাম সলনি কৰি নতুন নাম ল'লেও অসমত আঁচনিখনৰ কোনো অগ্রগতি পৰিলক্ষিত হোৱা নাই। এই আঁচনিখনৰ অধীনত গ্ৰহণ কৰা লাখ লাখ কাম এতিয়াও ৰাজ্যখনৰ বিভিন্ন জিলাত অসম্পূৰ্ণ হৈ পৰি আছে। এই আঁচনিখনৰ অধীনত নিয়ম অনুসৰি একেটা পৰিয়ালে এশ দিনৰ কৰ্মদিন লাভ কৰিব লাগে। অতি লক্ষণীয়ভাৱে অসমত ক্রমাগতভাৱে এশ দিনৰ কাম পোৱা পৰিয়ালৰ সংখ্যা প্ৰতিবছৰে হ্ৰাস পাইছে। আনকি প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহ নির্মাণতো ভি বি-জি ৰাম জী অন্তর্ভুক্ত কৰিও এশ দিনৰ কাম দিয়াৰ লক্ষ্য চৰকাৰে পূৰণ কৰিব পৰা নাই। ফলত এটা পৰিয়ালক ন্যূনতম এশ দিনৰ কাম দিয়াত ভি বি-জিৰামজী আঁচনিৰ লক্ষ্য পূৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰ তথা পঞ্চায়ত গ্রামোন্নয়ন বিভাগ।
পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ চৰম উদাসীনতাত এক কথাত ফ্লপ শ্ব'ত পৰণত হৈছে ভি বি-জিৰামজী। তাৰে এক জ্বলন্ত উদাহৰণ হ'ল- ২০২৫-২৬ বিত্তীয় বৰ্ষত অসমৰ মাত্র ৭,২৩৭ হাজাৰ পৰিয়ালেহে এশ দিনৰ কাম লাভ কৰিলে। অথচ অসমত প্রায় ৩৮.৭৬ সক্রিয় জবকার্ড শ্রমিক আছে। জানিব পৰা মতে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈ প্ৰায় ২৮.৪৩ লাখ জবকার্ড শ্রমিকে কাম বিচাৰি আৱেদন কৰিছিল। ইফালে চলিত বৰ্ষৰ ৩১ মাৰ্চলৈ এই আঁচনিখনৰ অধীনত ৰাজ্যত অসম্পূৰ্ণ হৈ পৰি ৰোৱা মুঠ কামৰ সংখ্যা হ'ল ৪,৫০,৭৮৫খন। এই বৃহৎ সংখ্যক অসম্পূর্ণ হৈ থকা আঁচনিসমূহক সম্পূৰ্ণ কৰিবলৈ আজিলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ফলত ৰাজ্যৰ প্ৰতিখন জিলাতে হাজাৰ হাজাৰ আঁচনিৰ কাম আধৰুৱা হৈ পৰি আছে। আধৰুৱা হৈ পৰি থকা আঁচনিৰ সংখ্যাত শীর্ষস্থানত আছে নগাঁও জিলা।
জিলাখনত প্রায় ৩১,১২৪খন আঁচনি অসম্পূৰ্ণ হৈ পৰি আছে। ইয়াৰ পাছতে আছে কাছাৰত প্ৰায় ২৩,৪২৪খন, বৰপেটাত প্রায় ২২,৫৯১খন, গোলাঘাটত প্রায় ২০,০৩৫খন, কোকৰাঝাৰত প্ৰায় ১৯,২৫৯খন, মৰিগাঁৱত প্রায় ১৭,৮৮৬খন, কার্বি আংলঙত প্রায় ১৫,৩৬২খন, তিনিচুকীয়াত প্রায় ১৪,৪৯৯খন আঁচনিৰ কাম অসম্পূৰ্ণ হৈ পৰি আছে।