ডিজিটেল ডেস্কঃ বলিউডৰ ছবি নিৰ্মাতা তথা নৃত্য পৰিচালক ফাৰাহ খানৰ বিৰুদ্ধে এজাহাৰ দাখিল। তেওঁ এটা টিভি শ্ব’ত হোলী উৎসৱক লৈ আপত্তিজনক মন্তব্য কৰিছিল৷ তাৰ পাছতেই তেওঁ সমালোচনাৰ সন্মুখীন হৈছে। ফাৰাহ খানৰ বিৰুদ্ধে হিন্দু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে৷
ফাৰাহ খানে আয়োজন কৰা ৰন্ধন অনুষ্ঠান 'চেলিব্ৰিটি মাষ্টাৰ চেফ’ত তেওঁ হিন্দু উৎসৱ হোলীক লৈ এক বিতৰ্কিত মন্তব্য কৰে। এটা খণ্ডত কৈছিল- হোলী ‘চাপ্ৰি’সকলৰহে প্ৰিয় উৎসৱ। তেওঁৰ এই মন্তব্য ছ’চিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে। হিন্দু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন কৰি খাৰ থানাত ফাৰাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।
‘চাপ্ৰি’ শব্দটো অতি তুচ্ছাত্মক শব্দ যিটো শব্দ যিকোনো অপমানজনক শব্দ আৰু আনক বিদ্ৰুপ কৰিবলৈ ব্যৱহাৰ কৰা শব্দ।
ক্ষুব্ধ লোকসকলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বহু লোকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছক টেগ কৰি ফাৰাহ খানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সকীয়াই দিছে।
উৎস- প্ৰাগ নিউজ ডিজিটেল