ডিজিটেল ডেস্ক : সুদীর্ঘ ডেৰ দশকৰ বিৰতিত ভাৰতীয় ফুটবলৰ সবাতোকৈ সন্মানীয় প্রতিযোগিতা সন্তোষ ট্রফীৰ ৭৯ সংখ্যক সংস্কৰণৰ ফাইনেল ৰাউণ্ডৰ খেলসমূহ অসমত অনুষ্ঠিত হ'ব। অসম ফুটবল সংস্থাই আয়োজনৰ স্বত্ব লাভ কৰা ৰাষ্ট্রৰ শীর্ষ ছিনিয়ৰ প্রতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডৰ খেলসমূহ সূচাৰুৰূপে আয়োজনৰ অর্থে সর্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ তত্ত্বাৱধানত যাৱতীয় প্রস্তুতি পূর্ণগতিত চলাই আছে। ফাইনেল ৰাউণ্ডৰ খেলসমূহ অসমৰ ঢকুৱাখনাৰ বানে ধোৱা মাতমৰাস্থিত বিষ্টুৰাম দলে ক্রীড়া প্রকল্প আৰু চিলাপথাৰ ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।
অহা ২১ জানুৱাৰীত আৰম্ভ হ'বলগীয়া ফাইনেল ৰাউণ্ডত গ্ৰুপ বিজয়ী ১২টা দলৰ লগতে আয়োজক ৰাজ্য অসম, যোৱা ছিজনৰ চেম্পিয়ন পশ্চিম বংগ আৰু ৰানাৰ্ছ আপ কেৰালাই চেম্পিয়নশ্বিপ অর্জনৰ যুঁজত অৱতীর্ণ হ'ব। ঢকুৱাখনা আৰু চিলাপথাৰত অনুষ্ঠিত হ'বলগীয়া সন্তোষ ট্ৰফীৰ ফাইনেল ৰাউণ্ডৰ বাবে 'ড্র' অনুষ্ঠিত হয়, ৩১ ডিচেম্বৰত নতুন দিল্লীত। অহা ২১ জানুৱাৰীত আৰম্ভ হ'বলগীয়া ফাইনেল ৰাউণ্ডত অৱর্তীর্ণ হ'বলগীয়া ১২টা দলক দুটা গ্রুপত ভাগ কৰা হৈছে। সেই অনুসৰি আয়োজক অসমৰ লগতে পশ্চিম বংগ, তামিলনাডু, উত্তৰাখণ্ড, নগালেণ্ড আৰু ৰাজস্থানে গ্রুপ এক্সত স্থান পোৱাৰ বিপৰীতে কেৰালা, ছার্ভিচেছ, পঞ্জাব, ওড়িশা, ৰে'লৱে আৰু মেঘালয় গ্রুপ 'বি'ত অন্তর্ভুক্ত হৈছে।
আয়োজক হিচাপে অসমে পোনপটীয়াকৈ ফাইনেল ৰাউণ্ডত প্রৱেশ কৰাৰ বিপৰীতে পশ্চিম বংগ আৰু কেৰালাই ক্রমে ২০২৪-২৫ সংস্কৰণৰ বিজয়ী আৰু ৰানাৰ্ছ আপ হিচাপে স্বয়ংক্রিয়ভাৱে যোগ্যতা অর্জন কবে। প্রতিযোগিতাখনৰ অহা ২ আৰু ৩ ফেব্রুৱাৰীত কোৱাৰ্টাৰ ফাইনেল, ৫ ফেব্রুৱাৰীত ছেমি ফাইনেল, ৮ ফেব্রুৱাৰীত ফাইনেল অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অন্তিমবাৰৰ বাবে অসমে সন্তোষ ট্ৰফী ফাইনেল ৰাউণ্ড আয়োজন কৰিছিল ২০১০-১১ ছিজনত। সেইবাৰ পশ্চিম বংগই মণিপুৰক পৰাস্ত কৰি গুৱাহাটীত চেম্পিয়নৰ ট্রফী অর্জন কৰিছিল।