বিত্তীয় সংকট নে চৰকাৰৰ অমনোযোগিতা? কেৱল আশ্বাস-প্ৰতিশ্ৰুতি
Dainik Janambhumi
July 30, 2024
টোলকৰৰ হেঁচাত বিপন্ন জনতা! ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০০ কিঃমিঃৰো অধিক ব্যৱহাৰৰ অনুপযোগী
ডিজিটেল ডেস্কঃ অসমৰ উজনি-নামনিৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথসমূহ ফ’ৰলেনলৈ উন্নীত কৰাৰ অৰ্থে মোদী চৰকাৰে কেন্দ্ৰৰ দায়িত্বত গ্ৰহণ কৰাৰ পাছতেই যাৱতীয় কাৰ্যব্যৱস্থা আৰম্ভ কৰিলে যদিও বাস্তৱিকতে বিগত প্ৰায় জ্ঝটা বছৰেও অসমত ফ’ৰলেনৰ সম্পূৰ্ণ হৈ নুঠিল৷ এনে পৰিস্থিতিত আধৰুৱা আৰু কাৰিকৰীভাৱে আসোঁৱাহপূৰ্ণ ফ’ৰলেনে বিগত সময়ছোৱাত কেৱল উজনি অসমতেই শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ দৰে মৰ্মান্তিক ঘটনাও সংঘটিত হ’ল৷ ইফালে ৰাজ্যখনত ফ’ৰলেনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ আগতেই বিভিন্ন জিলাত নতুন নতুন টোল গে’ট স্থাপনৰ জৰিয়তে জনসাধাৰণৰ মূৰত অধিক কৰৰ বোজা জাপি দিব বিচৰা ব্যৱস্থাক কেন্দ্ৰ কৰিও সকলো স্তৰৰ লোকৰ মাজতেই ব্যাপক অসন্তুষ্টিয়ে গা কৰি উঠিছে৷ অন্যহাতে, ৰাজ্যখনৰ বিভিন্ন জিলাত বিশেষকৈ উজনি অসমত ফ’ৰলেনৰ নিৰ্মাণকাৰ্য আধৰুৱা হৈ থকাত বছৰ বছৰ ধৰি জনসাধাৰণে যি দুৰ্ভোগ ভুগিব লগা হৈ আহিছে সেই দুৰ্ভোগৰ উপশমৰ সাbLনা দিয়াৰ অৰ্থে সময়ে সময়ে ৰাজ্য চৰকাৰৰ কিম্বা কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰী বা সংশ্লিষ্ট কতৃৰ্পক্ষই চন, তাৰিখ, মাহ ধাৰ্য কৰি যথেষ্ট আশাব্যঞ্জক আশ্বাস দি আহিছে যদিও তেনে আশ্বাস এতিয়া কিমান কাৰ্যক্ষম হৈ উঠিব তাক লৈও অনেক প্ৰশ্নৰ উদয় হৈছে৷ কিয়নো ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন তথা ফ’ৰলেনৰ আন্তঃগাঁথনি উন্নয়নৰ দায়িত্বত থকা এন এইচ এ আয়ে বিভিন্ন উৎসৰ পৰা গ্ৰহণ কৰা ঋণৰ বোজাত এতিয়া নিজেই থৰক-বৰক হৈ পৰিছে বুলি ইতিমধ্যে প্ৰকাশিত তথ্যই প্ৰকৃত ছবিখন উদঙাই দিছে৷ এন এইচ এ আই অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অব্ ইণ্ডিয়াৰ তথ্য অনুসৰি অসমত থকা ৩৮৮জ্ঝ.৪৪ কিঃমিঃ ৰাষ্ট্ৰীয় ঘাইপথৰ ভিতৰত সৰহ ভাগেই ক্ৰমাৎ যাতায়াতৰ অনুপযোগী হৈ পৰিছে৷ প্ৰকাশিত বিভাগীয় তথ্য অনুসৰি অসমত বিগত পাঁচ বছৰত যথেষ্ট বেয়া হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথ পূৰ্বৰ ৭৫ কিঃমিঃৰ পৰা প্ৰায় পাঁচশ কিল’মিটাৰলৈ বৃদ্ধি পাইছে৷ তথ্য অনুসৰি ২০১৯-২০ বৰ্ষত এটা বছৰতে বিভিন্ন কাৰণত বেয়া হৈ পৰা ৰাষ্ট্ৰীয় পথৰ দৈৰ্ঘ্য আছিল ৩৫১ কিঃমিঃ৷ ইয়াৰ পাছৰ ২০২০-২১ বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু মেৰামতি কৰাত ক্ষতিগ্ৰস্ত পথৰ দৈৰ্ঘ্য ২২৯ কিঃমিঃলৈ হ্ৰাস পায়৷ কিন্তু তাৰ পাছৰ বছৰত অৰ্থাৎ ২০২১-২২ বৰ্ষত ক্ষতিগ্ৰস্ত পথৰ দৈৰ্ঘ্য ২৭৮ কিঃমিঃলৈ বৃদ্ধি পায়৷ ইয়াৰ পাছত ২০২২-২৩ বৰ্ষত বিভিন্ন কাৰণত ক্ষতিগ্ৰস্ত তথা বেয়া হৈ পৰা পথৰ দৈৰ্ঘ্য ৪৬৩ কিল’মিটাৰলৈ বৃদ্ধি হয়৷ এনে পৰিস্থিতিত এতিয়া অসমৰ মুঠ ৩৮৮জ্ঝ.৪৪ কিল’মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভিতৰত প্ৰায় ৫০০ কিঃমিঃ পথেই যদি সুচলভাৱে যাতায়াতৰ বাবে অনুপযোগী হৈ আছে তেন্তে এনে অনুপযোগী ৰাষ্ট্ৰীয় পথত টোলকৰ বৃদ্ধিৰে মাধমাৰ দিয়াৰ অধিকাৰ কোনে দিলে বুলিও জনতাৰ মাজত নিত্য নতুন প্ৰশ্নৰ উদয় হৈছে৷ এনেদৰে এফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিভিন্ন উৎসৰ পৰা গ্ৰহণ কৰা ৩.৪০ লাখ কোটি টকাৰ ঋণৰ বোজাত থৰক-বৰক হৈ পৰাৰ তথ্য প্ৰকাশ হোৱাৰ সময়তে উজনি অসমত আধৰুৱা হৈ থকা ৰাষ্ট্ৰীয় পথ কিম্বা ফ’ৰলেন মন্ত্ৰী বা বিভাগীয় কতৃৰ্পক্ষৰ আশ্বাস, প্ৰতিশ্ৰুতি মতে সময়ে সময়ে দি অহা নিৰ্ধাৰিত [?] তাৰিখত সম্পূৰ্ণ হৈ উঠিবনে?
Share This