আপোনাৰ আজি দিনটো কেনেদৰে যাব ৰাশিফল চাই জানি লওক!

Jyoti Borah September 20, 2023

বুধবাৰ, ২০ ছেপ্টেম্বৰ, ২ আহিন

মেষঃ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক৷ মন উন্নত৷ আনৰ হিত সাধি ভাল পাব৷ চাকৰিজীৱীয়ে ঊধ্বৰ্তন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব৷শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং মাখন৷ 
বৃষঃ স্বাস্থ্য মোটামুটি ভালেই৷ পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব৷ মাতৃৰ শৰীৰ দুৰ্বল বুজায়৷ সন্তানক লৈ চিন্তিত৷ আৰ্থিক উন্নতিৰ বাবে যথেষ্ট খাটিব লগা হ’ব৷ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং বগা৷ 
মিথুনঃ শিক্ষক শ্ৰেণী তথা বুদ্ধিজীৱীৰ বাবে উন্নত দিন৷ প্ৰাপ্যাদিত শুভ৷ ঘৰুৱা জীৱন সুখৰেই৷ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ১, ৫৷ শুভ ৰং ৰূপালী৷ 
কৰ্কটঃ চিকিৎসক, আইনজীৱী, সামাজিক কামত জড়িত ব্যক্তি আদিৰ বাবে অনুকূল৷ দাম্পত্যত মধ্যম, বিদ্যাত শুভ৷ আপোনাৰ উদাৰ আৰু সৰলমনৰ সুযোগ আনে ল’ব পাৰে৷ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং গুলপীয়া৷ 
সিংহঃ খনিজ বা কৃষিজাত দ্ৰব্যৰ ব্যৱসায়ত শুভ৷ পুৰণা পাব লগা মাটি-বাৰী বা অন্যান্য সম্পত্তিৰ লেকেচকেচত আপুনি সুফল পাব৷ দাম্পত্য জীৱন উন্নত নাপাব৷শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং কমলা৷ 
কন্যাঃ  যি কামতে হাত দিয়ক, সকলোৰে পৰা সহায়-সহযোগ পাব৷ ৰাজহুৱা কামৰ মাজেদি খ্যাতি লাভ৷ পিছে সন্মান হানিজনক পৰিস্থিতি দেখিলে এৰাই চলক৷ শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা ৫, ৭৷ শুভ ৰং গুলপীয়া৷
তুলাঃ ধৰ্মীয় কৰ্মত ৰাপ থাকিব৷ দাম্পত্য জীৱনত কিবা এটা সমস্যাই আমনি দিব পাৰে৷ বিপদ কালত কোনো ফালৰ পৰা এক ঐশ্বৰিক শক্তিয়ে সহায় কৰাৰ দৰে সহায় পাব৷শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং কমলা৷ 
বৃশ্চিকঃ ব্যৱসায়-বাণিজ্যত জড়িত যদি মনোযোগ দিয়ক, লাভৱান হ’ব৷ বিদ্যাৰ্থীৰ বিদ্যা-বুদ্ধিত ভালেই৷ নতুন যান-বাহন বা অন্য সম্পত্তি লোৱাৰ পৰিকল্পনা সফল হোৱাৰ দিশত৷শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং নীলা৷ 
ধনুঃ কৰ্মত উৎসাহ-উদ্দীপনা৷ চাকৰিজীৱীয়ে ঊধ্বৰ্তন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব৷ আপুনি বুদ্ধি-চাতুৰ্যৰ বলত সম্ভাব্য বিপদ-আপদৰ পৰা ৰক্ষা পাব৷ প্ৰেমত শুভ৷শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং বগা৷ 
মকৰঃ আপোনাৰ আজি ৰাশিৰ কেন্দ্ৰত পাঁচোটা গ্ৰহ, শুভকাৰক ষট শূন্য যোগ আৰু উভয়চৰী যোগ আৰু লগতে ৰবি-বুধৰ ক্ষেত্ৰ বিনিময় যোগ হোৱাত সকলো ফালৰ পৰা দিনটো আশা কৰা মতেই সুফল পাব৷ শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা ৭, ৯৷ শুভ ৰং বেঙুনীয়া৷ 
কুম্ভঃ শৰীৰ মজলীয়া৷ পাৰিবাৰিক জীৱন আনদিনাতকৈ উন্নত৷ শিল্পী, সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে শুভ৷ কথাত পিছল খাই যাতে অপ্ৰস্তুত হ’ব লগা নহয়, লক্ষ্য ৰাখক৷ শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং হালধীয়া৷ 
মীনঃ অপ্ৰত্যাশিতভাৱে কোনো সুখবৰ পাব পাৰে৷ আৰ্থিক উন্নতিৰ যোগ৷ সৃজনীমূলক কামত যোগ্যতা প্ৰকাশ৷ দাম্পত্যত মধ্যম৷ উপাৰ্জন হ’লেও খৰচো হ’ব তদৰূপ৷শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং বগা৷ 

Share This