মণিপুৰৰ জুই
Dainik Janambhumi
November 13, 2024
ডিজিটেল ডেস্কঃ মাজত কিছুদিন সুপ্ত হৈ থকাৰ পাছত মণিপুৰৰ হিংসাৰ জুই পুনৰ ভমককৈ জ্বলি উঠিছে৷ যোৱা দিনকেইটাত তাত নিৰৱচ্চিন্নভাৱে এনেকুৱা ধৰণে হিংসাত্মক ঘটনা ঘটি আছে, যিবোৰ অতি লোমহৰ্ষক৷ উগ্ৰপন্থীৰ জিঘাংসাৰ বলি হৈছে শিশু-মহিলা৷ চাৰি দিন পূৰ্বে খেতিপথাৰত কাম কৰিবলৈ যোৱা এগৰাকী মেইটেই মহিলাক প্ৰথমে গুলীয়াই আহত কৰি তাৰ পাছত জ্বলাই হত্যা কৰিছিল কুকি উগ্ৰপন্থীয়ে৷ তাৰআগদিনা এগৰাকী মাৰ সম্প্ৰদায়ৰ ৩১ বছৰীয়া শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি গুলীয়াই হত্যা কৰিছিল মেইটেই উগ্ৰপন্থীয়ে৷ জ্বলাই দিছিল ১৭টাকৈ ঘৰ৷ তাত মেইটেই আৰু কুকি উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী প্ৰাত্যহিক ঘটনা হৈ পৰিছে৷ অসমৰ কাছাৰ জিলাৰ সীমান্তৱৰ্তী জিৰিবামত সোমবাৰে কুকি-মেইটেইৰ মাজত গুলীয়াগুলী আৰু থানা আক্ৰমণ কৰা কুকি উগ্ৰপন্থীৰে নিৰাপত্তা বাহিনীৰ ভয়াৱহ সংঘৰ্ষত ১১টাকৈ কুকি উগ্ৰপন্থীয়ে প্ৰাণ হেৰুওৱাৰ পাছত সেই অগ্নিগৰ্ভ স্থানতে দুজন মেইটেই লোকৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ উপৰি এটা আশ্ৰয় শিবিৰৰ শিশু-মহিলাসহ ছগৰাকী লোক নিৰুদ্দেশ হৈ আছে৷
যোৱা বছৰৰ ৩ মে’ৰ পৰা ৰাজ্যখনত কুকি আৰু মেইটেইৰ মাজৰ ভাতৃঘাতী সংঘৰ্ষৰ সূচনা হোৱাৰ পাছত তাত কেনেকৈ নিৰীহ মানুহৰ তেজৰ নৈ বৈছে, কেনেকৈ ঘৰ-বাৰী ধবংস্তূপত পৰিণত হোৱাৰ পাছত হাজাৰ হাজাৰ লোকে নিজৰ ঠাই এৰি শৰণাৰ্থীৰ জীৱন কটাব লগা হৈছে তাৰ চৰ্চা ইতিমধ্যে ব্যাপকভাৱে হৈছে৷ চৰকাৰী তথ্য মতে এই গোষ্ঠী সংঘৰ্ষত এটা বছৰত ২২১গৰাকী নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে, সহস্ৰাধিক লোক আহত হৈছে, ষাঠি সহস্ৰাধিক লোক গৃহহাৰা হৈ পৰিছে৷ চাৰি শতাধিক গিৰ্জা, ১৭টা মন্দিৰ ধবংস কৰা হৈছে৷ অতি উদ্বেগৰ কথা হ’ল কেন্দ্ৰত এখন অতি শক্তিশালী চৰকাৰ থকাৰ পাছত, মণিপুৰতো একে দলেই ৰাজ্য চৰকাৰৰ ক্ষমতাত অধিষ্ঠিত হৈ থকা সত্ত্বেও তাত এই হিংসাৰ যৱনিকা পেলোৱাত দুয়োখন চৰকাৰ অতি শোচনীয়ভাৱে ব্যৰ্থ হৈছে৷ এতিয়া নতুনকৈ হিংসাৰ জুইকুৰা দপদপকৈ জ্বলি উঠাৰ পৰিপ্ৰেক্ষিতত তাৰ পৰিস্থিতি আগত দিনবোৰত পুনৰ ভয়ানক হৈ পৰিব বুলি আশাংকা কৰা হৈছে৷ মণিপুৰ বুলি ক’লেই অফুৰন্ত মানৱ প্ৰতিভাৰ এখন ক্ষেত্ৰৰ ছবি মনলৈ আহে৷
কি খেল, কি নৃত্য, কি নাটক, কি সাহিত্য বিভিন্ন ক্ষেত্ৰত কেৱল প্ৰতিভাৰ বিস্ফোৰণ ঘটা এখন ৰাজ্যৰ নাম মণিপুৰ৷ মণিপুৰক ভাৰতীয় এথলেটিকছৰ পাৱাৰ সৃষ্টি হিচাপে গণ্য কৰা হয়৷ উঃপূবৰ সৰ্বাধিক অলিম্পিয়ানৰ জন্ম দিছে এই মণিপুৰে৷ দেশত হয়তো এনেকুৱা আগশাৰীৰ ফুটবল ক্লাব নাই, য’ত মণিপুৰৰ খেলুৱৈ নাই৷ ভাৰতীয় হকী দলৰ একাধিক তাৰকা খেলুৱৈ উলিয়াইছে এই মণিপুৰে৷ তেনে এখন মণিপুৰক ভাতৃঘাতী হিংসাৰে পংগু কৰি পেলাবলৈ চৰকাৰে এৰি দিয়াটো অতি পৰিতাপৰ কথা৷ কিছুদিন আগলৈকে মেইটেই, কুকি, নগা আৰু মাৰ সম্প্ৰসাদৰ খ্যাত-অখ্যাত দুকুৰিৰো অধিক উগ্ৰপন্থী সংগঠনে ৰাজ্যখনত সশস্ত্ৰ কাৰ্যকলাপ চলাই আছিল৷ এই শতিকাৰ প্ৰথমটো দশকলৈকে উগ্ৰপন্থীৰ কাৰ্যকলাপ আৰু উগ্ৰপন্থী-বিৰোধী অভিযানত দহ সহস্ৰাধিক লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল৷ সেই পৰিস্থিতিৰ প্ৰায় অৱসান ঘটিবলৈ ধৰাৰ সময়তে মেইটেইবিলাকক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ কেন্দ্ৰত দাখিলৰ বাবে মণিপুৰ উচ্ছ ন্যায়ালয়ে দিয়া এটি নিৰ্দেশে সংঘাতৰ যিকুৰা জুই জ্বলাই দিলে সেই জুইকুৰা এতিয়ালৈকে নিৰ্বাপিত কৰিব পৰা নাই চৰকাৰে৷ আপাত দৃষ্টিত মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱক লৈ সংঘাতৰ সূচনা হ’লেও কুকি জো সম্প্ৰদায়ে কৰা আফিঙৰ খেতি আৰু ড্ৰাগ্ছৰ ব্যৱসায় তথা ম্যানমাৰক কেন্দ্ৰ কৰি ‘সোণালী ত্ৰিভুজ’ৰ পৰা উঃপূবৰ মাজেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগ্ছৰ সৰবৰাহৰ ভয়ংকৰ জালখনৰ সৈতে জড়িত সশস্ত্ৰ অপশক্তিবোৰৰ সাম্প্ৰতিক হিংসাৰ আঁৰত ভূমিকা থকা বুলিও বিভিন্ন মহলত চৰ্চা হোৱা শুনা যায়৷ সংসদতো এই বিষয়ে আলোচনা হৈছে৷
এইবিলাকো অতি গুৰুতৰ কথা৷ কাশ্মীৰত সন্ত্ৰাসবাদীক লাহে লাহে একাষৰীয়া কৰি শান্তিৰ পৰিৱেশ ঘূৰাই অনাটোক যদি চৰকাৰে প্ৰত্যাহবান হিচাপে গ্ৰহণ কৰিব পাৰে, মণিপুৰক উগ্ৰপন্থীৰ হিংসাৰ পৰা মুক্ত কৰাৰ ফলপ্ৰসূ প্ৰচেষ্টা চৰকাৰে কিয় এতিয়ালৈকে চলাবলৈ সক্ষম হোৱা নাই সেয়া ৰহস্যজনক হৈ পৰিছে৷ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে হিংসাজৰ্জৰ ৰাজ্যখনলৈ গৈ কুকি, মেইটেই, নগাকে ধৰি সকলো সম্প্ৰদায়ৰ লগত অন্তৰংগ আলাপত মিলিত হৈছিল৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেনে পদক্ষেপ আজিলৈকে কিয় নল’লে সেইটোও দেশবাসীয়ে নুবুজিলে৷ এটা কথা ঠিক যে মিশ্ৰ জন-গাঁথনিৰ এখন ৰাজ্য হিচাপে তাৰ জনগোষ্ঠীবিলাকৰ মাজত কিছুমান সৰু-বৰ কথাক লৈ সংঘাত থকাটো অস্বাভাৱিক নহয়, কিন্তু সেই জনগোষ্ঠীবিলাকে ইমানদিনে একেলগে শান্তিপূৰ্ণ সহাৱস্থানেৰে বসবাস কৰি অহাটোওতো সত্য৷ চৰকাৰে সদিচ্ছা প্ৰদৰ্শন কৰি প্ৰতিটো জনগোষ্ঠীৰ সৈতে আন্তৰিকতাৰে বাৰ্তালাপ কৰিলে হয়তো সমাধানৰ পথ এটা নি(য় ওলালেহেঁতেন৷ কোনোবা সমাজ-বিৰোধী চক্ৰৰ যদি ইয়াত ভূমিকা আছে সেয়াও ধৰা পৰিলেহেঁতেন৷ চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰা আজিলৈকে দৃষ্টিগোচৰ নোহোৱাটো দুৰ্বোধ্য কথা৷ মণিপুৰ এনেকৈ জ্বলি জ্বলি শেষ হোৱাটো চৰকাৰে বিচাৰে নেকি?
Share This