মহাকাশলৈ প্ৰেৰণ প্ৰথমটো স্বদেশী ছুপাৰ প্ৰেছাৰ বেলুন 'ভিষ্টা'

dainik janambhumi May 28, 2026

ডিজিটেল ডেস্ক : দেশৰ নিৰ্মিত প্ৰথমটো ছুপাৰ প্ৰেছাৰ বেলুন (এছপি বি) 'ভিষ্টা' কালি ৰে'ড বেলুন এৰ'স্পেছে মহাকাশলৈ উৰুৱায়। ইয়াত দেশ আৰু বিদেশৰ সাত সহযোগীৰ বাণিজিক সঁজুলি লগোৱা আছে। এছ পি বি ভূ-পৃষ্ঠৰ পৰা কেইবা কিল'মিটাৰ উচ্চতালৈ উৰিব পাৰে আৰু এই বেলুনক এনে ধৰণেৰে নিৰ্মাণ কৰা হৈছে যে ইয়াৰ ভিতৰৰ বায়ুৰ চাপ বাহিৰৰ চাপতকৈ যথেষ্ট অধিক আৰু ইয়াৰ ফলত এই বেলুন অধিক সময় টিকি থাকে। 

এই বেলুনটো বিজয়ৱাড়াৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আকাশলৈ এৰি দিয়া হয় আৰু লগে লগেই ২৫ কিল'মিটাৰ ওপৰলৈ উঠে। ৰে'ড বেলুন এৰ'স্পেচৰ সহযোগী প্রতিষ্ঠাপক তথা মুখ্য কার্যবাহী বিষয়া চি ভি এছ কিৰণে কয় যে এই অভিযানটোৰ উদ্দেশ্য হ'ল ছুপাৰ বেলুনৰ ক্ষমতা পৰীক্ষা কৰি চোৱা, যিটো ভাৰতে আগতে কৰা নাছিল। ইয়াৰ ভিতৰত বেলুনত ব্যৱহাৰ কৰা সামগ্রী আৰু ডিজাইনো আছে।' এই বেলুনটো ২৪ ঘণ্টালৈকে আকাশত বর্তি তাকিব। 

কিন্তু কোম্পানীটোৰ লক্ষ্য হ'ল এনেকুৱা এছ পি বিৰ বিকাশ কৰা যিটো কেইবা মাহলৈ টিকি থাকে। এই অভিযানটো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে কিয়নো এফ পি বি কৃত্রিম উপগ্রহতকৈ যথেষ্ট সুবিধা থকাৰ লগতে ব্যয়ো কম। এই বেলুনে কৃত্রিম উপগ্ৰহৰ দৰেই কাম কৰিব পাৰে। কোম্পানীটোৰ মতে, এছ পি বিক সাধাৰণতে পৃথিৱীৰ পৰা ২০-৪০ কিল'মিটাৰ উচ্চতাত থকা সমতাপমণ্ডলৰ (স্ট্রেট 'স্ফিয়েৰ) উচ্চ স্থানত স্থাপন কৰা হয়। এনে বেলুনে দূৰসংযোগ ব্যৱস্থাক সহায় কৰাৰ লগতে ঔদ্যোগিক নেটৱৰ্কৰ ওপৰত চকু ৰাখিব পাৰে আৰু ৰাজ্যসমূহৰ দুৰ্যোগ ব্যৱস্থাপনাত সহায় কৰিব পাৰে।

Share This