ডিজিটেল ডেস্ক: প্ৰজননৰ সময়ত চৰকাৰী নিষেধাজ্ঞা অমান্য কৰি একাংশ অসাধু মৎস্য ব্যৱসায়ীয়ে চলাই যোৱা কাৰ্যৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে মীন বিভাগ। আজি কামৰূপ মহানগৰ জিলা মীন বিভাগে প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ সহযোগত চন্দ্ৰপুৰৰ কলং নৈত এক সফল অভিযান চলায়। এই অভিযানকালত বিভাগে ২০ খনকৈ মাছ ধৰা জাল জব্দ কৰিবলৈ সক্ষম হয়।
মন কৰিব লগীয়া কথা এপ্ৰিলৰ পৰা জুলাইলৈকে সময়ছোৱা হৈছে মাছৰ কণী পৰা তথা বংশ বৃদ্ধিৰ প্ৰাকৃতিক সময়। জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ স্বাৰ্থত এই নিৰ্দিষ্ট সময়ছোৱাত ৰাজ্যৰ সকলো খাল, বিল, নদী আদিত মাছ ধৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
মীন বিভাগৰ স্পষ্ট নিষেধাজ্ঞা থকাৰ পাছতো একাংশ মৎস্য ব্যৱসায়ীয়ে আইনক বুঢ়া আঙুলি দেখুৱাই অবাধ গতিত মাছ ধৰি আহিছিল। কণী থকা মাছ ধৰাৰ ফলত জলচৰ প্ৰাণীবিধৰ প্ৰাকৃতিক বংশ বৃদ্ধিত চৰম ব্যাঘাত জন্মিছে।
মীন বিভাগৰ এই আকস্মিক পদক্ষেপে অবৈধভাৱে মাছ ধৰি থকা চক্ৰসমূহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰকৃতি আৰু মৎস্য সম্পদ ৰক্ষাৰ স্বাৰ্থত আগলৈও এনে অভিযান অব্যাহত থাকিব বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল