ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু বোম্বাই নেচাৰেল হিষ্ট্ৰী ছ'চাইটিৰ যৌথ উদ্যোগত ২০ মাৰ্চত অসমৰ ৰাণী নামৰ স্থানত থকা শগুন সংৰক্ষণ কেন্দ্ৰৰ পৰা কেন্দ্ৰতে প্রজনন কৰি জন্ম দিয়া ৫টা লাহী ঠু্ঁটীয়া শগুন বা শ্লেণ্ডাৰবিল ভালচাৰক কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ তেৱাৰীপাল বন শিবিৰ এলেকাত থকা শগুন সংৰক্ষণ কেন্দ্ৰৰ আশ্ৰয় গৃহলৈ স্থানান্তৰ কৰা হয়।
সংৰক্ষণৰ বাবে শগুন স্থানান্তৰণ আৰু প্ৰতিপালিত শগুন মুকলিৰ এই প্ৰচেষ্টা ভাৰতৰ ভিতৰতে প্রথম বুলি পৰিগণিত হৈছে। বোম্বাই নেচাৰেল হিষ্ট্ৰী ছ'চাইটিৰ জীৱবিজ্ঞানী গীতাৰ্থ বৰাই আঁত ধৰা ২০ মাৰ্চৰ এই কাৰ্যসূচীত তেৱাৰীপাল বন শিবিৰৰ সমীপত নিৰ্মাণ কৰা প্ৰতিপালিত শগুনৰ আশ্রয়গৃহ উদ্বোধন কৰে বন বিভাগৰ বন্য প্রাণী বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক ড° বিনয় গুপ্তাই আৰু কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে।
অনুষ্ঠানত বিশ্বনাথ বন সংমণ্ডলৰ ডি এফ অ' ঋতুপৱন বৰা, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পিৰাইসুদন বি, বোম্বাই নেচাৰেল হিষ্ট্রী ছ'চাইটিৰ সভাপতি প্ৰৱীণ পৰদেশী, সঞ্চালক কিশোৰ ৰিথে, সহ সঞ্চালক শচীন ৰাণাডেৰ উপৰি স্থানীয় পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কৰ্মকর্তাসকল উপস্থিত থাকে। বোম্বাই নেচাৰেল হিষ্ট্ৰী ছ'চাইটিৰ এই প্ৰকল্পটোৰ উদ্যোগত অসমৰ বন বিভাগ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহযোগত ৰাণীৰ কেন্দ্ৰত প্ৰতিপালিত শগুনবোৰক কাজিৰঙাৰ আশ্রয়গৃহৰ পৰা ২-৩ মাহৰ ভিতৰত বনাঞ্চলত সম্পূৰ্ণকৈ মুকলি কৰি দিয়া হ'ব। ইয়াৰ সহায়ত ৰাজ্যখনত হ্রাস পাবলৈ ধৰা শগুনৰ জনসংখ্যাক স্থিৰতা আৰু বৃদ্ধিৰ কৰাৰ বাবে প্রচেষ্টা হাতত লোৱা হ'ব। এই দিশত অসমৰ বন বিভাগে লোৱা এই পদক্ষেপ ভাৰতত শগুন প্ৰজননৰ ক্ষেত্ৰত অন্যতম বুলি পৰিগণিত হৈছে।
উল্লেখযোগ্য যে ২০০৭ চনত অসমৰ ৰাণীত স্থাপিত শগুন প্রজনন কেন্দ্রত ৫৬টা শ্লেণ্ডাৰবিলযুক্ত শগুনৰ প্ৰজনন কৰা হৈছে। সম্প্ৰতি ৰাণীৰ এই কেন্দ্ৰটোৱে অসমৰ বন বিভাগে প্রতি বছৰে ৫-১০টা শগুনক বনাঞ্চলত মুকলি কৰিব পাৰিব বুলি জনাইছে। উল্লেখযোগ্য যে ৰাণীৰ কেন্দ্ৰৰ পৰা বিশ্বনাথৰ শগুন সংৰক্ষণ কেন্দ্ৰৰ আশ্রয়গৃহলৈ স্থানান্তৰিত কৰা ৫টা শগুনক আশ্রয় শিবিৰৰ পৰা মুকলি কৰি দিয়াৰ সময়ত নিৰীক্ষণৰ বাবে উচ্চ প্রযুক্তি সৌৰচালিত ট্রেঞ্চফৰ্মাৰ সংস্থাপিত কৰা হ'ব বুলি জানিবলৈ দিয়ে বোম্বাই নেচাৰেল হিষ্ট্রী ছ'চাইটিৰ সমন্বয়ক গীতাৰ্থ বৰাই।