ডিজিটেল ডেস্ক : দেশবাসীৰ চাহিদা অনুসৰি ভাৰতত অত্যাবশ্যকীয় সামগ্ৰীৰ উৎপাদন হোৱা নাই। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে থলুৱাভাৱে সামগ্রী উৎপাদন কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিলেও, দেশত এতিয়ালৈকে জনসাধাৰণৰ চাহিদা পূৰণ কৰিব পৰাকৈ খাদ্য সামগ্রী উৎপাদনত আত্মনিৰ্ভৰশীল হ'ব পৰা নাই।
নিটি আয়োগৰ উপাধ্যক্ষ অশোক কুমাৰ লাহিড়ীয়ে শুকুৰবাৰে এই বিষয়ত উদ্বেগ প্রকাশ কৰি কয় যে দেশবাসীৰ খাদ্যৰ আৱশ্যকতা পূৰণ কৰাত ভাৰত এতিয়াও সম্পূর্ণ সক্ষম হৈ উঠা নাই। অত্যাবশ্যকীয় খাদ্য সামগ্রী, যেনে- দাইল, চাউল আৰু খোৱা তেলৰ বাবে ভাৰতে এতিয়াও বিদেশৰ পৰা আমদানিৰ ওপৰত অধিক নিৰ্ভৰ কৰি আছে। দিল্লীত এটা অনুষ্ঠানত ভাষণ দি নিটি আয়োগৰ উপাধ্যক্ষজনে কয় যে ভাৰতে ইয়াৰ মুঠ আৱশ্যকতাৰ প্ৰায় আধা পৰিমাণৰ খোৱা তেল বিদেশৰ পৰা আমদানি কৰে আৰু বিভিন্ন প্ৰকাৰৰ দাইল অন্য দেশৰ পৰা ক্ৰয় কৰিবলগা হয়। লাহিড়ীয়ে প্রশ্ন কৰে যে গোলকীয় যোগান শৃংখল ব্যাহত হ'লে আৰু বিশ্বজুৰি সামগ্ৰীৰ দাম বৃদ্ধি হ'লে ভাৰতে এই পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত আছেনে? লাহিড়ীয়ে কয়, '২০৪৭ চনৰ ভিতৰত আমি এখন বিকশিত ভাৰতৰ বিষয়ে কৈ আছোঁ। যিহেতু আমি এখন বিকশিত ভাৰতৰ দিশত অগ্ৰসৰ হৈছোঁ, আমি আমাৰ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব পাৰিছোঁনে?
সম্ভৱতঃ বৰ্তমানৰ সময়ত আমি এতিয়াও আত্মনিৰ্ভৰ হোৱা নাই।' লাহিড়ীয়ে কয় যে আমি এতিয়াও অষ্ট্ৰেলিয়াৰ পৰা বুটৰ দাইল, কানাডা-অষ্ট্ৰেলিয়াৰ পৰা অনা মচুৰ দাইলৰ ওপৰত নিৰ্ভৰ কৰি আছোঁ। কিছুমান দাইল ম্যানমাৰ, আফ্রিকাৰ দেশসমূহ আৰু ৰাছিয়াৰ পৰা ভাৰতে আমদানি কৰে। লাহিড়ীয়ে কয় যে খোৱা তেল আৰু তেলৰ বীজ ইণ্ডোনেছিয়া, মালয়েছিয়া, আর্জেণ্টনা, ব্রাজিল, ৰাছিয়া আৰু ইউক্রেইনৰ পৰা আমদানি নকৰিলে ভাৰতবাসীৰ চাহিদা পূৰণ নহয়। নিটি আয়োগৰ উপাধ্যক্ষজনে কয় যে ভাৰতে বছৰি প্রায় ২০ বিলিয়ন ডলাৰৰ ১৭ নিযুত মেট্রিক টন খোৱা তেল আমদানি কৰি আছে। আনহাতে, ভাৰত বিশ্বৰ ভিতৰতে দাইলৰ অন্যতম বৃহৎ উৎপাদনকাৰী আৰু উপভোক্তা দেশ। প্রতি বছৰে দেশবাসীৰ বাবে ২৫-২৭ নিযুত টন দাইলৰ প্রয়োজন হয়। লাহিড়ীয়ে কয় যে দাইল, চাউল আৰু খোৱা তেলৰ ঘৰুৱা উৎপাদনত ব্যাপক পৰিসৰত ভাৰতে গুৰুত্ব দিব লাগিব আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিব লাগিব।