দেশত অব্যাহত থাকিব খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি

dainik janambhumi November 14, 2026

ডিজিটেল ডেস্ক : খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি আগন্তুক কেইমাহমানলৈ অতি বেছি হৈ থকাৰ আশংকা আছে। আনহাতে, খুচুৰা মুদ্রাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ডিচেম্বৰত সুতৰ হাৰ ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। 

আই চি আই চি আই বেংকৰ এখন প্রতিবেদনত এই কথা কোৱা হৈছে। প্রতিবেদনত কোৱা হৈছে যে খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতিৰ ভৱিষ্যতৰ সম্ভাৱনা প্ৰধানকৈ নিৰ্ভৰ কৰিছে আগন্তুক ৰবিশস্যৰ ওপৰত, কাৰণ খাৰিফ শস্যৰ কালত নাটনি দেখা গৈছে। জলাশয়ৰ পানীৰ স্তৰ তলত থকা আৰু মাটিৰ আৰ্দ্ৰতাৰ অৱস্থায়ো ৰবিশস্যৰ উৎপাদনত প্ৰভাৱ পেলাব পাৰে। ফলত খাদ্যশস্যৰ মূল্য বৃদ্ধিৰ আশংকা পূৰামাত্ৰাই আছে। প্রতিবেদনত কোৱা হৈছে যে মূল্য বৃদ্ধি হোৱাৰ আশংকা থকা খাদ্য সামগ্ৰীৰ ভিতৰত আছে ধানজাতীয়, মাহজাতীয় শস্য আৰু খোৱা তেল। বর্ষাকালত দেশত বৃষ্টিপাতৰ অৱস্থাই ইংগিত দিছে যে এই শস্যসমূহত সর্বাধিক প্ৰভাৱ পৰিব। প্ৰতিবেদনত কোৱা হৈছে যে সেয়ে খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতি অহা কেইবামাহত বেছি হৈয়েই থাকিব। ২০২৭-২৮ বিত্তীয় বৰ্ষৰ দ্বিতীয়ার্ধতহে দাম খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতি হ্রাস পাব। 

উল্লেখযোগ্য যে আৰ বি আয়ে বান্ধি দিয়া সহনশীলতাৰ ঊর্ধ্বসীমা অতিক্ৰম কৰি অক্টোবৰত ভাৰতত খুচুৰা মুদ্রাস্ফীতি ৬.০৯ শতাংশ হৈছে। ছেপ্টেম্বৰত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ আছিল ৫.৫৪ শতাংশ। ছেপ্টেম্বৰৰ ৭.৭ শতাংশৰ পৰা অক্টোবৰত খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ ৮.৯ শতাংশলৈ বৃদ্ধি পালে।

Share This