ডিজিটেল ডেস্ক: ভাৰতৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ ৭৫০ কোটি ডলাৰ (৭.৫ বিলিয়ন ডলাৰ) হ্রাস পাইছে আৰু যোৱা ২২ মে'ত অন্ত পৰা সপ্তাহটোত দেশৰ বিদেশী মুদ্রাৰ ভাণ্ডাৰ ৬৮,১৩৮ কোটি ডলাৰ (৬৮১.৩৮ বিলিয়ন ডলাৰ) হৈছে। শুকুৰবাৰে ভাৰতীয় ৰিজার্ভ বেংকে (আৰ বি আই) এই তথ্য প্রকাশ কৰিছে।
উল্লেখযোগ্য যে মধ্য প্রাচ্যৰ যুদ্ধৰ পূৰ্বে ২৭ ফেব্ৰুৱাৰীত অন্ত পৰা সপ্তাহত ভাৰতৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ ৭২,৮৪৯ কোটি ডলাৰ (৭২৮.৪৯ বিলিয়ন ডলাৰ) আছিল আৰু ই সৰ্বকালৰ সৰ্বাধিক আছিল। মধ্য প্রাচ্যত যুদ্ধ আৰম্ভ হোৱাৰ পাছতে ডলাৰৰ তুলনাত টকাৰ পৰিমাণৰ পতন হ'বলৈ আৰম্ভ কৰে।
উল্লেখযোগ্য যে বিদেশী মুদ্রা সঞ্চয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুবাৰ ৰাজহুৱাভাৱে আহ্বান জনাইছে যে দেশৰ জনতাই বিদেশ ভ্রমণ হ্রাস, ইন্ধনৰ ব্যৱহাৰ কম কৰা আৰু এবছৰৰ বাবে সোণ ক্ৰয় কৰাৰ পৰা বিৰত থাকিব লাগে।