ন্যায়াধীশ স্বর্ণকান্তা শৰ্মাৰ পৰা ন্যায়ৰ আশা নাই, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মন্তব্য

dainik janambhumi April 28, 2026

ডিজিটেল ডেস্ক : অৰবিন্দ কেজৰিৱালে সোমবাৰে এটা ভিডিঅ' জাৰি কৰি কয়, 'সুৰা নীতি কেলেংকাৰি গোচৰত মই উচ্চ ন্যায়ালয়ত নিজেও উপস্থিত নাথাকোঁ আৰু মোৰ হৈও কোনোৱে যুক্তি প্রদর্শন নকৰে।' তেওঁ কয় যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ স্বর্ণকান্তা শৰ্মাৰ পৰা ন্যায় পোৱাৰ কোনো আশা নাই। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রীজনে ন্যায়াধীশ স্বর্ণকান্তা শৰ্মালৈ পত্ৰও প্ৰেৰণ কৰে। পত্ৰত তেওঁ কয়, 'মই নিজৰ অন্তৰাত্মাৰ কথা শুনি মহাত্মা গান্ধীৰ সত্যাগ্ৰহৰ পথ বাছি ল'বলৈ সিদ্ধান্ত গ্রহণ কৰিলোঁ।

ইয়াৰ কাৰণ হৈছে ন্যায়াধীশ স্বার্ণকান্তাৰ দুয়োজন সন্তান কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা পেনেলৰ অংশ।' তেওঁ কয়, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দুয়োজন সন্তানক গোচৰ দিয়ে। তেওঁৰ সন্তানে ২০২৩ চনৰ পৰা ২০২৫ চনৰ ভিতৰত প্ৰায় ৫৯০৪টা গোচৰ লাভ কৰিছে। যদি ন্যায়াধীশৰ সন্তানৰ ভৱিষ্যৎ সন্দৰ্ভত ছলিচিটৰ জেনেৰেলে সিদ্ধান্ত গ্রহণ কৰি আছে, তেন্তে ন্যায়াধীশ মহোদয়াই তেওঁৰ বিৰুদ্ধে ৰায়দান কৰিব পাৰিবনে?' উল্লেখযোগ্য যে দিল্লী সুৰা নীতি কেলেংকাৰিৰ গোচৰত নিম্ন আদালতে কেজৰিৱালৰ সৈতে ২৪জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল। তেতিয়া কেন্দ্রীয় অনুসন্ধান সংস্থাই (চি বি আই) উক্ত ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আৱেদন জনালে। ন্যায়াধীশ স্বর্ণকান্তা শর্মাই এই গোচৰৰ শুনানি গ্রহণ কৰি আছে।

কেজৰিৱালে তেওঁৰ বিৰুদ্ধে স্বাৰ্থৰ সংঘাত (কনফ্লিক্ট অব্ ইনটাৰেষ্ট)ৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ ন্যায়াধীশ শর্মাক উক্ত গোচৰৰ পৰা আঁতৰোৱাৰ আৱেদন জনাইছিল। কেজৰিৱালে নিজেই এই আৱেদনৰ হৈ যুক্তি দিছিল। কিন্তু ২০ এপ্রিলত ন্যায়াধীশ স্বর্ণকান্তাই সেই আৱেদন নাকচ কৰে।

Share This