ডিজিটেল ডেস্ক: প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান। ৬৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ফুটবলাৰগৰাকীয়ে। এজমা ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয় গৌতম দত্তই। এজমা ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল গৌতম দত্ত।
অৱশেষত মঙলবাৰে দুপৰীয়া ১-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ফুটবলাৰগৰাকীয়ে।
এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ আছিল গৌতম দত্ত। অসমৰ হৈ বিভিন্ন খেলত অংশ লৈছিল খেলুৱৈগৰাকীয়ে।
অসম আৰক্ষীৰ ফুটবল দলৰো খেলুৱৈ আছিল দত্ত।
গৌতম দত্তলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুৱাহাটী ক্ৰীড়া সন্থা আৰু ডায়নামো ক্লাবে।
উৎস: প্ৰাগ নিউজ ডিজিটেল