ডিজিটেল ডেস্ক : বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই বাংলাদেশলৈ উভতি যোৱাৰ ইচ্ছা প্রকাশ কৰিছে। এন ডি টিভিক দিয়া এটা সাক্ষাৎকাৰত হাছিনাই কয় যে তেওঁ চলিত বছৰতে বাংলাদেশলৈ উভতি যাব। শ্বেখ হাছিনাই কয় যে তেওঁ ব্যক্তিগত উচ্চাকাংক্ষাৰ বাবে নহয়, বাংলাদেশত গণতন্ত্র, আইনৰ শাসন আৰু জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ বাহাল কৰাৰ বাবেহে বাংলাদেশলৈ উভতি যাবলৈ বিচাৰিছে।
হাছিনাই কয় যে তেওঁৰ বিৰুদ্ধে দিয়া মৃত্যুদণ্ডৰ ৰায় ন্যায়ৰ পৰিৱৰ্তে ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতহে। আৱামী লীগক নেতৃত্ববিহীন কৰাৰ বাবে ন্যায়পালিকাক ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে।
তেওঁ কয়, 'মোৰ মৃত্যুৰ ভয় নাই। ১৯৭৫ চনত মই মোৰ পিতৃ-মাতৃ, ভাতৃ আৰু প্ৰায় সম্পূৰ্ণ পৰিয়ালটো হেৰুৱাইছিলোঁ। মোৰ ওপৰতো গ্রেনেড আক্রমণ হৈছিল। কিন্তু প্রতিটো ষড়যন্ত্র পাৰ কৰি মই জনসাধাৰণৰ কাষত থিয় হৈ আছোঁ। মই এই বছৰ সকলো বাধা, সকলো ষড়যন্ত্ৰ পাৰ কৰি নিজৰ দেশলৈ উভতি যাম।' নিষেধাজ্ঞাই আৱামী লীগক নিঃশেষ কৰিব নোৱাৰে বুলিও তেওঁ কয়।