ডিজিটেল ডেস্ক : পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ' বিধানসভা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে কালি বিজেপি দল ত্যাগ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ ঘিলানীস্থিত বিজেপি কার্যালয়লৈ গৈ জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাঙক পদত্যাগ-পত্র অর্পণ কৰে। কংগ্ৰেছৰ পৰা তিনিবাৰ বিধায়কৰূপে নির্বাচিত হোৱাৰ লগতে ৰংপিয়ে বিজেপিৰ পৰা এবাৰ বিধায়ক হৈছিল। পশ্চিম কার্বি আংলং জিলাৰ এগৰাকী প্ৰভাৱশালী ৰাজনীতিবিদ ৰংপিৰ বিজেপি ত্যাগ দলৰ বাবে এক মোক্ষম আঘাতৰূপে বিবেচিত হৈছে।
উল্লেখযোগ্য যে ২০১৬ চনত বিজেপিত যোগদান কৰিছিল ৰংপিয়ে। বিজেপিত যোগদানৰ বাবে ৰংপিয়ে কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰিছিল। পুনৰ উপ-নিৰ্বাচনৰ জৰিয়তে ৰংপিয়ে বৈঠালাংছ' সমষ্টিৰ পৰা বিজয়ী হৈ আহিছিল। বিজেপি ত্যাগ কৰি আজি সংবাদ মাধ্যমৰ আগত ৰংপিয়ে অতি শীঘ্রে কংগ্ৰেছ দলত যোগদান কৰাৰ ইংগিত দিয়ে।
আনহাতে ৰংপিৰ বিজেপি পদত্যাগে বিজেপিৰ কোনো ক্ষতি নকৰে বুলি মন্তব্য কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ডিফুত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰংহাঙে কয় যে বিগত প্রায় ৬ বছৰ তেওঁ নিষ্ক্রিয় হৈ আছিল। বিজেপি দলে পাহাৰত স্থায়ী শান্তি ঘূৰাই আনিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি ৰংপিয়ে দলত্যাগ কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয় বুলিও ৰংহাঙে দাবী কৰে।