হৰমুজ প্রণালীত অচলাৱস্থাৰ মাজতে পেট্রলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ ইংগিত, দেশত বৃদ্ধি হ'ব ইন্ধনৰ দাম!

dainik janambhumi May 13, 2026

ডিজিটেল ডেস্ক: ছৌডি আৰবৰ সর্ববৃহৎ তেল কোম্পানী আৰমকোৱে হৰমুজ প্রণালীত চলি থকা অচলাৱস্থাই বিশ্বক এক ভয়াৱহ পৰিস্থিতিৰ মাজলৈ লৈ যাব পাৰে বুলি সতৰ্ক কৰি দিয়াৰ সময়তে ভাৰতৰ পেট্রলিয়াম মন্ত্রী হৰদীপ সিং পুৰীয়ে দেশত ইন্ধনৰ দাম বৃদ্ধিৰ ইংগিত দিয়ে।

উল্লেখযোগ্য যে ইৰান আৰু আমেৰিকা-ইজৰাইলৰ যুদ্ধ তথা হৰমুজ প্রণালীৰে জাহাজৰ চলাচল বন্ধ হৈ পৰাৰ প্ৰভাৱ সমগ্র বিশ্বৰ খাৰুৱা তেলৰ যোগান শৃংখলত পৰিছে। ইয়াৰ ফলত কেইবাখনো দেশে ইন্ধন জৰুৰী অৱস্থা ঘোষণা কৰে আৰু ইউৰোপিয়ান ইউনিয়নে বৰ্ক ফ্রম হমৰ পৰামৰ্শ দিয়ে। ইয়াৰ মাজতে সর্ববৃহৎ তেল প্রতিষ্ঠান ছৌডি আৰামকোৱে এই বুলি সকীয়নি দিয়ে যে বিশ্বত খাৰুৱা তেলৰ ভাণ্ডাৰ বিপজ্জনকভাবে হ্রাস পাইছে। 

কোম্পানীটোৰ মুখ্য কার্যবাহী বিষয়া (চি ই অ') আমিন নাছিৰে কয় যে যদিহে হৰমুজ প্রণালী অধিক দিনলৈ বন্ধ হৈ থাকে তেতিয়া গ্রীষ্ম কালত পেট্রল আৰু বিমানৰ ইন্ধনৰ ভাণ্ডাৰ শেষ হৈ যাব। নাছিৰৰ মতে, ইন্ধনৰ ভাণ্ডাৰসমূহত তেল বৃহৎ হাৰত হ্রাস পাইছে। পেট্রল আৰু বিমানৰ ইন্ধনৰ দৰে পৰিশোধন কৰা ইন্ধনৰ পৰিমাণ দ্রুতি গতিত হ্রাস পাইছে। ইৰান যুদ্ধ আৰু হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত বিশ্বৰ বজাৰলৈ প্রায় ১০০ কোটি বেৰল খাৰুৱা তেলৰ যোগান হ্রাস পাইছে। 

পৰিস্থিতি ইমানেই শোচনীয় ৰূপ লৈছে যে প্রতি সপ্তাহত ১০ কোটি বেৰল অতিৰিক্ত লোকচান হৈছে। তেওঁ কয় যে বিশ্বত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ একমাত্র সমাধান আছিল খাৰুৱা তেল মজুত থকা এই ভাণ্ডাৰসমূহ। কিন্তু এতিয়া এই ভাণ্ডাৰসমূহ প্রায় শেষ হোৱাৰ পথত। যোৱা মাহত তেল উৎপাদনকাৰী দেশসমূহত (অপেকৰ অধীনৰ) খাৰুৱা তেলৰ উৎপাদন চলিত বর্ষত আটাইতকৈ কম হৈছে। পশ্চিম এছিয়াত শান্তি ঘূৰি অহাৰ এতিয়ালৈকে কোনো ইংগিত দেখা পোৱা নাই, ফলত অনাগত দিনবোৰত পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ লোৱাৰ আশংকা কৰা হৈছে। 

ৰয়টাৰে প্ৰকাশ কৰা এটা বাতৰি মতে, অপৈকৰ অধীনৰ দেশবোৰত খাৰুৱা তেলৰ উৎপাদন দৈনিক উৎপাদন প্রায় ২ কোটি বেৰললৈ হ্রাস পাইছে। হৰমুজ প্রণালী বন্ধ হৈ পৰা আৰু ইৰানৰ আক্ৰমণত খাৰুৱা তেলৰ প্ৰকল্পৰ হোৱা ক্ষতিৰ ফলত কুৱেইটৰ পৰা এপ্ৰিলত খাৰুৱা তেলৰ ৰপ্তানি প্রায় বন্ধ হৈ পৰে। ছৌডি আৰবৰ প্রকল্পসমূহত কৰা আক্ৰমণৰ ফলত দেশখনত খাৰুৱা তেলৰ উৎপাদন ৭০ লাখ বেৰললৈ হ্রাস পাইছে। 

আনহাতে সংযুক্ত আৰব আমিৰাটৰ (ইউ এ ই) তেলৰ উৎপাদন প্রতিদিনে ৩২-২৬ লাখ বেৰললৈ হ্রাস পাইছে। অ'পেক আৰু অপেক প্লাছৰ পৰা বাহিৰ ওলোৱাৰ পাছত ইউ এ ইয়ে এতিয়া প্রতি দিনে ৫০ লাখ বেৰল তেল উৎপাদনৰ প্ৰস্তুতি চলাইছে। অৱশ্যে লিবিয়া আৰু ভেনিজু বেলাত খাৰুৱা তেলৰ উৎপাদন বৃদ্ধি কৰা হৈছে যদিও বৰ্তমানৰ সংকট সমাধানৰ বাবে পর্যাপ্ত নহয়। ইফালে বজাৰত তেলৰ দাম দ্রুত গতিত বৃদ্ধি পোৱাটো প্ৰতিৰোধ কৰাৰ কাৰণে আমেৰিকাই বৃহৎ পদক্ষেপ গ্রহণ কৰে। দেশখনৰ চৰকাৰে তেল কোম্পানীসমূহৰ সংৰক্ষিত ভাণ্ডাৰৰ পৰা ৫.৩৩ কোটি বেৰল তেল বজাৰলৈ উলিয়াই দিয়ে। চৰকাৰৰ এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ কাৰণে এক্সন মবিল আৰু মাৰাথন পেট্রলিয়ামৰ দৰে ৯টা কোম্পানীয়ে তেল ধাৰলৈ লোৱা বুলি জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত আজি খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১০৫ ডলাৰলৈ বৃদ্ধি পাইছে।

Share This