MENU

গহপুৰৰ ককিলাগুৰিৰ ১৭টাকৈ  পৰিয়ালৰ শ্ৰীমন্ত শংকৰ সংঘ ত্যাগ কৰি ফুৰালুং ধৰ্ম গ্ৰহণ

Kakali Deka February 25, 2025

ডিজিটেল ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোম সম্প্ৰদায়ৰ কেইবাটাও জাতীয় সংগঠনৰ মাজত সংঘাত আৰম্ভ হৈছে।  তাৰ মাজতে গহপুৰৰ ককিলাগুৰিৰ ১৭টাকৈ পৰিয়ালে শংকৰ সংঘ ত্যাগ কৰি ফুৰালুং ধৰ্ম গ্ৰহণ কৰাৰ বাবে আৱেদন প্ৰদান কৰে।

 উল্লেখ্য যে গহপুৰৰ ককিলাগুৰিত অনুষ্ঠিত মে-ডাম-মে-ফিত সভাপতিত্ব কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চাও চন্দ্ৰ বৰুৱাক ধৰ্মদণ্ড আৰু সংস্কাৰৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই আহোম জাতীয় সংগঠনৰ সৈতে সংঘাত আৰম্ভ হৈছিল।

 ইয়াৰ পাছতে আজি ধলপুৰৰ যোৰহটীয়া চাও চেং ৰেণ নামৰ টাই উপাসনাস্থলীত ফুৰালুং পৰম্পৰাত দীক্ষিত হয় গহপুৰৰ ককিলাগুৰিৰ ১৭টা পৰিয়াল।

Share This