চৰকাৰৰ 'গজ মিত্র' কার্যসূচীত অন্তর্ভুক্ত হ'ব যোৰহাট

dainik janambhumi June 10, 2025

ডিজিটেল ডেস্ক : হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা 'গজ মিত্র' কাৰ্যসূচীৰ অধীনত যোৰহাট জিলাকো অন্তর্ভুক্ত কৰাৰ বিষয়টো ৰাজ্য চৰকাৰে বিবেচনা কৰিব। সোমবাৰে বিধানসভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মিয়ে হাতী-মানুহৰ সংঘাতৰ সন্দৰ্ভত উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰ দি এই কথা জনায় পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তেওঁ কয় যে যোৰহাট জিলাৰ গিবন অভয়াৰণ্যৰ পৰা যাতে হাতী ওলাই আহিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সৌৰ বেৰা দিয়াৰ এক প্রকল্প হাতত লৈছে। 

সেই অনুসৰি ২০২৫-২৬ বৰ্ষত অভয়াৰণ্যৰ সমীপত ছয় কিল'মিটাৰ এলেকাত সৌৰ বেৰা দিয়া হ'ব। উল্লেখযোগ্য যে চৰকাৰে হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱা ছয়খন জিলা ক্রমে গোলাঘাট, গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰত গজ মিত্ৰ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে। চলিত বৰ্ষৰ বাজেটত বন মিত্র অভিযান ৰূপায়ণৰ কথা ঘোষণা কৰা হৈছে। 

ইয়াৰ বাবে ২০ কোটি টকা ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে। এই কাৰ্যসূচীৰ জৰিয়তে হাতীৰ বাসস্থান নিশ্চিত কৰা, হাতীৰ গতি-বিধিৰ ওপৰত বাস্তৱ সময়ৰ সতর্কবাণীৰ বাবে এ আই-ভিত্তিক কেমেৰা স্থাপন কৰা আৰু সঘনাই হাতীয়ে খাদ্য বিচাৰি ফুৰা অঞ্চলত আগতীয়াকৈ ধান ক্ৰয় কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। একেদৰে গাড়ী চলাচল কৰা পথ আৰু ৰে'লপথৰ ওপৰৰ মূল ক্ৰছিং পইণ্টত জীৱ-জন্তুৰ বাবে নিৰাপদ ক্ৰছিং নিশ্চিত কৰা হ'ব।

Share This