ডিজিটেল ডেস্ক : মৰমৰ গ'ল্ভীক প্রিয়তমা পত্নী গৰিমাই দিলে স্নেহৰ আবুৰ। মুষলধাৰ বৰষুণত উৱলি যোৱা তিৰ্পালেৰে বৰষুণ পৰি নষ্ট হৈছিল জুবিনক্ষেত্ৰৰ সকলো সামগ্রী। তাৰ পাছতেই শনিবাৰে নিশা একাংশ জুবিন অনুৰাগীৰ সৈতে গ'ল্ডীৰ অন্তিম ঠিকনাক সুৰক্ষা দিবলৈ ওলাই আহিল গৰিমা শইকীয়া গার্গ আৰু ভগ্নী পামী বৰঠাকুৰ। বতাহ-বৰষুণৰ মাজত প্ৰাণৰ মানুহজন কেনেকৈ আছে, তাকে ভাবি ব্যাকুল হৈ পৰা গৰিমাই সেমেকা দুচকুৰে এফালৰ পৰা চাই গ'ল মৰমৰ মানুহজনৰ শেষ শয়নস্থলীৰ প্ৰতিপদ সামগ্রী। জুবিন ফেন ক্লাবৰ সহযোগত মৰমৰ গ'ল্ডীক ৰ'দ, বৰষুণৰ পৰা ৰক্ষা কৰাৰ বাবে নিজেই তিৰ্পাল তৰিলে পত্নী গৰিমাই। শিল্পীগৰাকীৰ প্ৰতি থকা সন্মান আৰু তেওঁলৈ আগবঢ়োৱা উপহাৰসমূহ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত গৰিমা শইকীয়া গাৰ্গক সহায়ৰ বাবে শিল্পীগৰাকীৰ বহু অনুৰাগীও আগবাঢ়ি আহি হাতে-কামে লাগি উৱলি যোৱা টেণ্টৰ ওপৰত তিৰ্পাল তৰাৰ কাম হাতত ল'লে।
বৰষুণৰ বতৰত শিল্পীজনৰ বাবে আগবঢ়োৱা প্ৰতিটো বস্তু যাতে নিৰাপদ হৈ থাকে তাৰ প্রতি লক্ষ্য ৰাখি গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত জুবিনক্ষেত্রত উপস্থিত হোৱা জুবিন ফেন ক্লাবৰ সদস্যসকলে থলুৱা পদ্ধতিৰে কাঠ আৰু বাঁহ ব্যৱহাৰ কৰি তিৰ্পালসমূহ মজবুতকৈ বান্ধি দিয়ে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গৰিমা শইকীয়া গার্গে আৱেগিকভাৱে কয়, 'বৰষুণৰ বতৰ যেতিয়া সকলোৱে জানিছিলেই যে এনেকুৱা এটা পৰিৱেশ হ'ব। আমি যিটো ভয় খাই আছিলোঁ অৱশেষত সেয়াই হ'ল। সেই কাৰণে এতিয়া জুবিনপ্রেমী ল'ৰা-ছোৱালীখিনি ওলাই আহিছে। আমি এটা অস্থায়ী সমাধান কৰিছোঁ। তিৰ্পাল কিছু আনি ইয়াতে থকা কাঠ-বাঁহৰ টুকুৰাৰে মেৰামতি কৰিছোঁ। যাতে কেইদিনমানৰ বাবে হ'লেও বৰষুণৰ পৰা সামগ্ৰীখিনি ৰক্ষা পৰে। আমি ইমান কৌশলগত লোক নহ'লেও চেষ্টা এটা কৰিছোঁ বুলি উল্লেখ কৰি গৰিমাই ৰাইজে মৰমতে জুবিনলৈ যিবোৰ বস্তু দিছে, সেই মৰমবোৰ আমি অৱহেলা কৰিব নোৱাৰোঁ বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে শুকুৰবাৰে অহা এজাক বৰষুণতে জুবিনক্ষেত্ৰত এক পুতৌলগা অৱস্থাৰ সৃষ্টি হৈছিল। পুৰণি টেণ্টৰ পৰা পানী পৰি সম্পূৰ্ণৰূপে তিতি গৈছিল জুবিন ক্ষেত্ৰৰ ধূপ-বন্তি জ্বলোৱা স্থান। প্ৰাণৰ শিল্পীগৰাকীক হাজাৰ হাজাৰ অনুৰাগীয়ে দিয়া বহু মূল্যৱান উপহাৰ তথা সামগ্ৰীবোৰ নষ্ট হৈ যোৱাৰ উপক্ৰম হয়।
ইয়াৰ পাছতেই উদ্বিগ্ন হৈ পৰা গৰিমা শইকীয়া গাৰ্গে আৱেগিক হৈ সামাজিক মাধ্যমত লিখিছিল, 'মুষলধাৰে বৰষুণ আহিছে... গ'ল্ডী, তুমি ঠিকে আছানে? প্রকৃতি মাতৃয়ে নিজেই আৱৰি-সামৰি ৰাখিব তোমাক মোৰ সোণ!' আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি বিজড়িত জুবিন ক্ষেত্ৰৰ এনে দুৰৱস্থা দেখি অনুৰাগীসকলেও চৰকাৰ তথা কৰ্তৃপক্ষৰ ভূমিকাক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰিছিল।