জুবিনৰ যোৰহাটৰ বাসগৃহৰ পাইনজোপাৰ কাষতে গৰিমাই ৰুলে নাহৰ পুলি, প্ৰাণৰ শিল্পীৰ আধৰুৱা ইচ্ছা পূৰণ কৰিলে পত্নীয়ে

dainik janambhumi May 12, 2026

ডিজিটেল ডেস্ক: অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যোৰহাটৰ বঙাল পুখুৰীস্থিত পুৰণি বাসগৃহত কালি উপস্থিত হৈ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু যন্ত্ৰৰ টীমে শিল্পীগৰাকীৰ আধৰুৱা ইচ্ছা পুৰণ কৰে। প্ৰাণৰ শিল্পীগৰাকীয়ে মহাবিদ্যালয়ত পঢ়ি থাকোঁতে এই বাসগৃহৰ কাষতেই এজোপা পাইন গছ ৰোপণ কৰিছিল। 

জুবিনে ৰোৱা পাইন গছজোপা লহপহকৈ বাঢ়ি আছিল। প্রকৃতিক ভাল পোৱা জুবিন গাৰ্গ পুৰণি বাসগৃহলৈ আহিলেই কথা পাতে আৰু গছজোপা সাবটি ধৰি একাত্ম হৈ পৰিছিল। লক্ষণীয় যে জুবিনে নিজেই ৰোপণ কৰা গছজোপা ২০২৪ চনৰ ২৯ অক্টোবৰত ধুমুহাত ভাগি পৰে। সেই গছজোপাৰ স্থানতেই পুনৰ আন এজোপা গছ ৰোপণ কৰাৰ কথা কৈছিল জুবিন গাৰ্গে আৰু গছজোপা ৰোপণৰ দিন-বাৰো ঠিক হৈছিল। কিন্তু জুবিনৰ সেই সপোন পূৰণ নহ'ল। কাৰণ আমাৰ মাজৰ পৰা কায়িকভাৱে তেওঁ গুচি গ'ল অজান দেশলৈ। 

জুবিনৰ সেই আধৰুৱা সপোনৰ বাস্তৱ ৰূপ দিলে পত্নী গৰিমা গার্গে। কালি যোৰহাটৰ পুৰণি বাসগৃহত গৰিমা গাৰ্গ উপস্থিত হৈ জুবিনে আগতে ৰোৱা স্থানতে আন এটি নাহৰ পুলি ৰোপণ কৰিলে। ফলত জুবিনৰ আন এক সপোন পূৰণ হ'ল। গৰিমা গাৰ্গৰ এই কাৰ্যত সহযোগ কৰে 'যন্ত্র' টীমৰ লগতে হীৰু দত্ত পৰিয়ালে। গছপুলি ৰোপণ কৰি পুৰণি বহু স্মৃতি, বহু কথা সুঁৱৰি আৱেগিক হৈ পৰিল গৰিমা গাৰ্গ। জুবিনৰ সৈতে জড়িত বহু স্মৃতি, বহু অনুভৱৰ কথা মনত পেলাই কিছু সময় নীৰৱ হৈ ৰয় তেওঁ। 

আনহাতে, জুবিনৰ ইচ্ছা পূৰণ কৰি গৰিমা গাৰ্গে কয় যে আজি বঙালপুখুৰী পুৰণি গৃহলৈ আহিছোঁ। জুবিনে এই পুৰণি বাসগৃহত এজোপা পাইন গছ ৰোপণ কৰিছিল আৰু খুব ওখ হৈ গৈছিল আৰু বহু দূৰৰ পৰাই গছজোপা জিলিকি থাকে। আমি এইপিনে যাওঁতে গছজোপা চাই যাওঁ। আমি তেতিয়া গ'ল্ডীক কওঁ গছজোপা বহু দূৰৈৰ পৰাই জিলিকি থাকে। জুবিনে এই গছজোপা কলেজত থাকোঁতে ৰোপণ কৰিছিল আৰু ডাঙৰ ডাঙৰ ঘৰসমূহ হোৱাৰ পাছতো গছজোপা জিলিকি আছিল। ৰাতি ২ বজাত আহিও জুবিনে গছজোপা সাৱটি ধৰি থাকে আৰু গছজোপাৰ সৈতে কথা পাতে। আচৰিত ধৰণে গছজোপা ২০২৪চনৰ ২৯ অক্টোবৰত ধুমুহাত ভাগি যায় আৰু জুবিনৰ পুৰণি বাসগৃহত পৰি যায়। সেই স্থানত জুবিনে পুনৰ এজোপা গছ ৰুই থৈ যাম বুলি কৈছিল। বঙাল পুখুৰী পূজা অনুষ্ঠান লৈ আহি উক্ত স্থানত আন এজোপা গছ ৰুই থৈ যাব, কিন্তু সেয়া হৈ নুঠিল। জুবিনৰো মন আছিল এই স্থানত আন এজোপা গছ ৰোৱা কথা। সেই স্থানত আজি মই এটি নাহৰ পুলি ৰোপণ কৰিলোঁ। নাহৰ পুলিটো লহপহকৈ বাঢ়ি আহক, জুবিনে পুনৰ পুৰণি বাসগৃহৰ ভেটিতে শান্তিৰে জিৰণি লওক ,এয়াই মোৰ প্ৰাৰ্থনা আৰু কামনা কৰিছোঁ বুলি উল্লেখ কৰে গৰিমা গাৰ্গে। 

২০০৩ চনত বঙালপুখুৰীস্থিত জুবিন গাৰ্গৰ বাসগৃহটো হীৰু দত্তক বিক্ৰী কৰি দিয়া হয়। ইফালে অতীতৰ স্মৃতি ৰোমন্থন কৰি যোৰহাটৰ বঙালপুখুৰীৰ জুবিন গাৰ্গৰ পুৰণি বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীৰ বন্ধু পাৰ্থ প্রতিম গোস্বামী কালি আৱেগিক হৈ পৰে। 'তুমি মোৰ মাথোঁ মোৰ' চলচ্চিত্ৰখনৰ দৃশ্য গ্ৰহণৰ সময়ত জুবিন গাৰ্গৰ লগত পুৰণা ঘৰটোতে কটোৱা অতীতৰ স্মৃতিয়ে মনত দোলা দিয়া সম্পর্কত সংবাদ মাধ্যমক অৱগত কৰি জনপ্রিয় বাদ্যযন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ন্যায় পাবই লাগিব। এই বিষয়ত কোনো ধৰণৰ কম্প্ৰ'মাইজ কৰা নহ'ব। জুবিনক ন্যায় দি মই মৰিব পাৰিলে মই সকলোতকৈ সুখী হ'ম। অসমৰ ৰাইজে জুবিনক যেনেকৈ পাৰে তেনেকৈ জীয়াই ৰাখক। জুবিনে কৈ থৈ যোৱা ভাল ভাল কামবোৰ কৰক। সকলোৱে জুবিনে কৰি থৈ যোৱা কামবোৰ কৰিলে আমি সুখী হ'ম। 

শিল্পীগৰাকীৰ বিশ্বস্ত বন্ধুগৰাকীয়ে কয় যে জুবিনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বহু কাম কৰিলে। কিন্তু আমি তেওঁক অলপো ঘূৰাই দিব নোৱাৰিলে আমাৰ বাবে ধিক্কাৰ হ'ব।

Share This