বিহাৰৰ গয়াৰ প্ৰথম 'ড্র'ন দিদি'ৰ ৬০ হাজাৰ টকা মাহিলি উপার্জন, ৫ মিনিটত এক একৰ কৃষিভূমিত সাৰ প্ৰয়োগ

dainik janambhumi January 29, 2026

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ 'নমো ড্র'ন দিদি' আঁচনিয়ে গ্রামীণ মহিলাৰ বিত্তীয় আত্মনিৰ্ভৰশীলতাৰ দিশত এক পৰিৱৰ্তনকামী ভূমিকা লৈছে। আধুনিক প্রযুক্তিৰ সৈতে গ্রামীণ মহিলাক পৰিচিত কৰি 'ড্র'ন দিদি' আঁচনিয়ে এক ৰূপান্তৰকাৰী পদক্ষেপ লৈছে। মহিলাক অর্থনৈতিকভাৱে সবলীকৰণ কৰাৰ উপৰি এই কাৰ্যসূচীয়ে কৃষি খণ্ডত শেহতীয়া ড্র'ন প্রযুক্তি ব্যৱহাৰ কৰা হৈছে এই আঁচনিৰ জৰিয়তে। গাঁৱৰ মহিলাক ড্র'ন পাইলট হিচাপে প্রশিক্ষণ দিয়া হৈছে আৰু ড্ৰ'নেৰে কৃষিভূমিত সাৰ আৰু কীটনাশক দ্রব্য ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। 

এই আঁচনিৰ অধীনত মহিলাক ড্র'ন যোগান ধৰা হয় আৰু ড্ৰ'ন চলাবলৈ প্রশিক্ষণ দিয়া হয়। এই ড্ৰ'নৰ জৰিয়তে কৃষিভূমিত সাৰ আৰু কীটনাশক সামগ্রী ছটিয়াই গ্রামীণ মহিলাসকল অর্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। বিহাৰৰ গয়া জিলাৰ খিজাসৰাই ব্লকৰ হেমাৰা গাঁৱৰ মহিলা ৰূপা কুমাৰীয়ে এগৰাকী সাধাৰণ গৃহিণীৰ পৰা বৰ্তমান সময়ত এগৰাকী সফল উদ্যোগী আৰু প্রশিক্ষিত ড্র'ন পাইলট হিচাপে পৰিগণিত হৈছে। 

বিহাৰৰ জিলাখনৰ প্ৰথমগৰাকী 'ড্র'ন দিদি' ৰূপাই এই 'নমো ড্র'ন দিদি' আঁচনিৰ অধীনত ড্র'ন লাভ কৰি প্ৰতি মাহে ৬০ হাজাৰ টকাকৈ উপাৰ্জন কৰিছে। ড্র'ন ব্যৱহাৰ কৰি ৰূপাই ৫০০ একৰতকৈ অধিক কৃষি ভূমিত সাৰ আৰু কীটনাশক দ্রব্য প্রয়োগ কৰিবলৈ সক্ষম হৈছে। ৫ মিনিটত এক একৰ কৃষিভূমিত সাৰ এই ড্র'নেৰে ছটিয়াবলৈ সক্ষম হৈছে ৰূপা কুমাৰীয়ে।

Share This