ডিজিটেল ডেস্ক: GMCHত ভয়ংকৰ ঘটনা। উন্নত চিকিৎসাৰ বাবে অহা ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ক প্ৰহাৰ GMCH ৰ CN চেণ্টাৰৰ কৰ্মচাৰীৰ।
কেৱল প্ৰহাৰেই নহয়,ভাঙি দিয়ে ৰোগীৰ আত্মীয়ৰ মোবাইল ফোন। উন্নত চিকিৎসাৰ বাবে GMCH লৈ আহি তিক্ত অভিজ্ঞতাৰ সম্মুখীন হব লগা হ'ল লংকাৰ এটা দৰিদ্ৰ পৰিয়াল।
ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পৰা GMCHলৈ ৰেফাৰ কৰিছিল পংকজ বিশ্বাস নামৰ এজন ৰোগীক। নিশা সংকটজনক অৱস্থাত GMCH ত ভৰ্তি হোৱাৰ বাবে উপস্থিত হৈছিল পংকজ বিশ্বাস।
CN চেণ্টাৰত ভৰ্তি কৰাৰ পিছতেই কেইবাটাও পৰীক্ষা কৰিবলৈ দিছিল। কাউণ্টাৰত ৰোগীজনৰ আত্মীয়ৰ ধন দিয়াত পলম হোৱাৰ বাবে অসভ্য আচৰণ কৰাৰ অভিযোগ GMCHৰ কৰ্মচাৰীৰ বিৰুদ্ধে। এজন চিকিৎসকেও দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ।
তাৰ পিছতেই হীৰক দাস, ৰাহুল আলী নামৰ দুজন ট্ৰলী পুলাৰে মাৰপিট কৰি ভাঙি দিলে ৰোগীজনৰ আত্মীয়ৰ মোবাইল ফোন। অসহায় পৰিয়ালটোক উন্নত চিকিৎসাৰ সহায় কৰাৰ বিপৰীতে ধন নাথাকিলে GMCH লৈ নাহিবলৈ ভাবুকি দিয়াৰ অভিযোগ।
উন্নত চিকিৎসাৰ আশালৈ মহানগৰীলৈ অহা লংকাৰ পৰিয়ালটোৱে নিশাই মুখত পাইপ লৈ অসুস্থ শৰীৰে উপস্থিত হ’ল ভঙাগড় আৰক্ষী থানাত।
ভঙাগড় থানাত GMCH ৰ চিকিৎসক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালটোয়ে দিলে অভিযোগ। সংকটজনক অৱস্থাত থকা ৰোগীজনৰ স্বাস্থ্যৰ অৱস্থা দেখি এই ঘটনাৰ কথা সাংবাদিকে অৱগত কৰে GMCH ৰ অধীক্ষকক।
তাৰ পিছতেই GMCHৰ অধীক্ষকৰ নিৰ্দেশত ভঙাগড় থানাত উপস্থিত হয় উপ-অধীক্ষক। উপ-অধীক্ষকজনে ততাতয়াকৈ এম্বুলেন্সৰ সহায়ত CN চেণ্টাৰত পুনৰ চিকিৎসাৰ সুবিধা কৰি দিয়ে পংকজ বিশ্বাসক।
পৰিয়ালটো অভিযোগৰ ভিত্তিতেই ট্ৰলী পুলাৰ হীৰক দাস আৰু ৰাহুল আলীক আটক কৰে ভঙাগড় আৰক্ষীয়ে।
উৎস: প্ৰাগ নিউজ ডিজিটেল