ডিজিটেল ডেস্ক: উদুলি-মুদুলি পৰিৱেশত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৬৫ সংখ্যক গোলাঘাট কেন্দ্রীয় ৰঙালী বিহু সন্মিলন কালিৰ পৰা আৰম্ভ হৈছে। বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠীৰ বিপুল সমাৱেশেৰে কালি মিলন তীৰ্থত পৰিণত হয় গোলাঘাট নগৰৰ ৰাজহুৱা খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্র।
জাতি-জনগোষ্ঠীৰ স্বকীয় সাংস্কৃতিক দলৰ পাৰ ভগা উছাহেৰে উলিওৱা বিশাল সাংস্কৃতিক শোভাযাত্রাই গোলাঘাট নগৰ পৰিভ্ৰমণ কৰি মুখৰিত কৰি তোলে। সাংস্কৃতিক শোভাযাত্রা শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। উদ্বোধনী ভাষণত তেওঁ কয় যে বিভিন্ন দুর্যোগ, প্রত্যাহ্বান, সংগ্ৰামৰ মাজেদি আজিৰ পৰ্যায়ত উপনীত হোৱা অসমীয়া জাতিক অধিক শক্তিশালী কৰাৰ এই বিহুতে আমি পণ ল'ব লাগিব। এটা জাতিৰ স্বকীয় পৰিচয় আৰু ঐতিহ্য ভাষা, সাহিত্য আৰু সংস্কৃতি। অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিক শক্তিশালী ৰূপেৰে আগুৱাই নিলেহে অসমীয়া জাতি শক্তিশালী হ'ব।
উদযাপন সমিতিৰ সভাপতি ড° দেৱজিৎ ফুকনৰ পৌৰোহিত্যত আৰু উদযাপন সমিতিৰ যুটীয়া সম্পাদক মিন্টু গগৈ, মুখ্য উপদেষ্টা বিশ্বজিৎ গগৈয়ে আঁত ধৰা অনুষ্ঠানত তেওঁ ঐক্যবদ্ধভাৱে সংকল্প গ্রহণ কৰিবলৈ আহ্বান জনায়। বিহু মঞ্চই জাতি-জনগোষ্ঠীসমূহৰ মাজত সদ্ভাৱ, ঐক্য আৰু সম্প্রীতি কটকটীয়া কৰি সমন্বয়ৰ বাৰ্তাৰে বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়া শক্তিশালী কৰা বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ পূর্বে গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রবীণ সাংবাদিক, সমাজকর্মী, গোলাঘাটৰ সমাজ জীৱনৰ পুৰোধা দ্বীপেন দত্তক সন্মিলনৰ তৰফৰ পৰা 'ধনশিৰি উপত্যকা বঁটা' প্রদান কৰা হয়। বিশিষ্ট সমাজকর্মী, গোলাঘাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰাজেন বৰা উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বঁটা প্ৰদান কৰে।
অনুষ্ঠানত উদযাপন সমিতিৰ মুখ্য উপদেষ্টা ক্রমে পূর্ণ ৰাজখোৱা, দিগন্ত কুমাৰ ভূঞা, ড° নৃপেন বৰুৱা, টংকেশ্বৰ পাঠক, পৱন শইকীয়া, বিশ্বজিৎ শইকীয়া, যতীন বৰা, পৰীক্ষিত দত্ত, দ্বীজেন বৰা, বিপুল দাস, অতুল গগৈ, পাৰ্থজ্যোতি বৰা, জিতুল ৰাজখোৱা, কাৰ্যকৰী সভাপতি মুন্না আহমেদ, যুটীয়া সম্পাদক অংশুমান বৰুৱা, বিশিষ্ট শিক্ষাবিদ ড° পুতুল শইকীয়া, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱা, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক নিপন গগৈ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সহকাৰী সম্পাদক ৰাজীৱ লস্কৰ আদিয়ে অংশগ্রহণ কৰে।
গুৰু সেৱা অনুষ্ঠানত গোলাঘাটৰ বহু সংখ্যক বয়োজ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰে। জনগোষ্ঠীয় কৃষ্টি সমাৰোহ শুভ উদ্বোধন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে। বিমুন বৰা সোঁৱৰণী মুখ্য তোৰণ উন্মোচন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আৰু প্ৰয়াত বিমুন বৰাৰ পৰিয়ালবৰ্গই। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ (স্বায়ত্ত শাসিত) অধ্যক্ষ ড° জয়ন্ত বাৰুকিয়ালে। নলিনীৰঞ্জন বৰুৱা সোঁৱৰণী মঞ্চ আৰু প্ৰবীণ সাংবাদিক অপূর্ব কুমাৰ বৰুৱা সোঁৱৰণী মণ্ডপ মুকলি কৰে প্ৰয়াতদ্বয়ৰ পৰিয়ালবৰ্গই। পুৱাৰ ভাগত উদযাপন সমিতিৰ সভাপতি ড°দেৱজিৎ ফুকনে পতাকা উত্তোলনেৰে তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰ পাতনি মেলে। স্মৃতি তর্পণ কৰে উদযাপন সমিতিৰ যুটীয়া সম্পাদকদ্বয় মিন্টু গগৈ আৰু অংশুমান বৰুৱাই। নিশা আৰম্ভ হয় বৰহমথুৰিখ্যাত বৰবিহুৱতী প্রতিযোগিতা আৰু অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা।