ডিজিটেল ডেস্ক : কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত বুধবাৰে ধুবুৰী জিলা আক্ৰাছুৰ উদ্যোগত গোলকগঞ্জত বিশাল জোঁৰ সমদল উলিওৱা হয়। সমদল বিফল কৰাৰ বাবে প্ৰশাসনে পূৰ্বৰ পৰা আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ বিশাল বাহিনী মোতায়েন কৰে। প্রতিবাদকাৰীক ভীতিগ্রস্ত কৰাৰ বাবেই আৰক্ষী, অর্ধ সামৰিক বাহিনীয়ে গোলকগঞ্জ চহৰত বিশাল ৰেলী উলিয়ায়।
তৎসত্ত্বেও কোচ-ৰাজবংশী জনগোষ্ঠীৰ সহস্রাধিক পুৰুষ-মহিলা ওলাই আহি গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ সমীপত সমবেত হয়। তাৰ পৰা সমদল কৰি ৰাসমেলা ময়দানত উপস্থিত হৈ হাতে হাতে জোঁৰ লৈ ন' এছ টি ন' ৰেষ্ট, বিজেপি মুর্দাবাদ, আমাৰ দাবী ন্যায্য দাবী আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাট আগচি ধৰি জোঁৰ কাঢ়ি নিয়ে। তৎসত্ত্বেও সমদলকাৰীয়ে বিভিন্ন শ্ল'গান দি গোলকগঞ্জ চহৰমুখে ঢাপলি মেলে। আৰক্ষী, অর্ধ সামৰিক বাহিনীৰ বিশাল বাহিনীয়ে গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত পুনৰ আটক কৰে। সমদলটো আগবাঢ়িবলৈ চেষ্টা কৰোঁতে আৰক্ষী, অর্ধ সামৰিক বাহিনীয়ে প্রতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ লাঠীচালনা কৰে।
লাঠীচালনাত অর্ধ শতাধিক পুৰুষ-মহিলা গুৰুতৰভাৱে আহত হয়। একাংশৰ অৱস্থা যথেষ্ট সংকটজনক। আইতাসকলৰ গোলকগঞ্জত প্রাথমিক চিকিৎসা কৰোৱাৰ অন্তত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হয়। ইপিনে একাংশই মাৰৰ ভয়ত কাষতে থকা পিতনিত জঁপিয়ায়। সাঁতুৰিব নজনা কেইবাজনক প্রতিবাদকাৰীসকলে পানীৰ পৰা উদ্ধাৰ কৰে। আৰক্ষীৰ কার্যত উত্তেজিত প্রতিবাদকাৰীসকলে গোলকগঞ্জৰ আৰক্ষী মুর্দাবাদ ধ্বনি দিয়ে।