ডিজিটেল ডেস্কঃ বলিউডত আকৌ বিবাহ বিচ্ছেদৰ খবৰ৷ এইবাৰ জনপ্ৰিয় অভিনেতা গোবিন্দাৰ সংসাৰৰ খবৰ পোহৰলৈ আহিছে৷ বিবাহৰ ৩৭ বছৰৰ পাছত পত্নী সুনীতাৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ সাজু হৈছে গোবিন্দা৷ এই খবৰ এতিয়া বনজুইৰ দৰে বিয়পি পৰিছে আৰু সকলো হতভম্ব হৈ পৰিছে৷
১৯৮৭ চনত গোবিন্দা আৰু সুনীতাৰ বিয়া হৈছিল৷ দুয়ো দুটা সন্তানৰ পিতৃ-মাতৃ হয়। সঘনাই হোৱা কাজিয়াৰ বাবে বিবাহ বিচ্ছেদ হ’বলৈ গৈ আছে বুলি জানিব পৰা গৈছে। কেৱল এয়াই নহয়, বহুতে দাবী কৰিছে যে অভিনেতাজনৰ এগৰাকী ৩০ বছৰীয়া মাৰাঠী অভিনেত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে। এই সন্দৰ্ভত এতিয়ালৈকে মুখ খোলা নাই গোবিন্দা আৰু সুনীতাই৷
কিছুদিনৰ আগতে সুনীতাই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে তেওঁ নিজৰ সন্তানৰ সৈতে এটা পৃথক এপাৰ্টমেণ্টত থাকে, গোবিন্দাৰ সৈতে নাথাকে। একেটা ৰাস্তাতে অন্য এটা বাংলোত থাকে অভিনেতাগৰাকী। ইয়াৰ পৰাই বুজিব পাৰি যে দুয়োৰে মাজত সম্পৰ্ক ঠিকে থকা নাই।
অৱশ্যে বিবাহ বিচ্ছেদৰ কথাক লৈ আনুষ্ঠানিকভাৱে এগৰাকীয়েও এতিয়ালৈ মুখ খোলা নাই।
উৎসঃ প্ৰাগ নিউজ ডিজিটেল